চিটাৰা ডেস্ক, 1 মাৰ্চ: দেওবাৰে নিজৰ ইন্ষ্টাগ্ৰামত শিৱানী দাণ্ডেকাৰে আপলোড কৰিলে কেইবাখনো ফটো ৷ সেই ফটোৱে লৈ এতিয়া হৈ-চৈ লাগিছে সামাজিক মাধ্যমত ৷
19 ফেব্ৰুৱাৰীত খ্ৰীষ্টান পদ্ধতিৰে বিবাহ পাশত আৱদ্ধ হৈছিল শিৱানী-ফাৰহান (Farhan Shibani wedding ritual) ৷ বহুদিন ধৰি দুয়োৰে প্ৰেমৰ বাতৰিয়ে বলীউড গৰম কৰি ৰাখিছিল ৷ সাংবাদিকে সোধা বিয়াৰ প্ৰশ্ন অৱশ্যে দুয়োয়ে সদায় এৰাই চলাইছিল ৷
ফেব্ৰুৱাৰীৰ আৰম্ভণিতে পিতৃ জাভেদ আখতাৰেহে ঘোষণা কৰিছিল ফাৰহান-শিৱানীৰ বিয়াৰ কথা ৷ সামাজিক প্ৰথাৰে বিয়াত বহাৰ পিছত 21 ফেব্ৰুৱাৰীত আইনী প্ৰথাৰে পুনৰ বিয়াত বহিল দুয়ো (Farhan Shibani marriage date) ৷