চিটাৰা ডেস্ক, ৯ আগষ্ট: পৰ্ণ'গ্ৰাফীৰ গোচৰত গ্ৰেপ্তাৰ হোৱা প্ৰতিষ্ঠিত ব্যৱসায়ী তথা অভিনেত্ৰী শিল্পা ছেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে এটাৰ পিছত আনটো অভিযোগ উত্থাপন কৰি আহিছে অভিনেত্ৰী শ্বাৰ্লিন চোপ্ৰাই । এইবাৰে শ্বাৰ্লিনে অভিযোগ তুলিছে যে, শিল্পা ছেট্টীয়ে ৰাজ কুন্দ্ৰাৰ কামৰ বিষয়ে পূৰ্বৰে পৰা অৱগত আছিল । আনকি তেওঁ শ্বাৰ্লিনৰ ফটো আৰু ভিডিঅ' চাইছিল আৰু তেওঁৰ প্ৰশংসা কৰিছিল । শিল্পাই তেওঁৰ কামৰ বিষয়ে প্ৰশংসা কৰাৰ কথা ৰাজ কুন্দ্ৰাই তেওঁক কৈছিল বুলি শ্বাৰ্লিনে দাবী কৰিছে ।
শ্বাৰ্লিনে উত্থাপন কৰা অভিযোগ অনুসৰি, ৰাজ কুন্দ্ৰাই ছবি নিৰ্মাণৰ বাবে তেওঁৰ সৈতে যোগাযোগ কৰিছিল আৰু চলিত বৰ্ষৰ মাৰ্চ মাহত এখন চুক্তি স্বাক্ষৰ কৰিছিল । শ্বাৰ্লিনে অভিযোগ তোলা মতে, ৰাজ কুন্দ্ৰাই বিচাৰিছিল যে তেওঁ ৰাজৰ সৈতে এই কাম কৰক আৰু শ্বাৰ্লিনৰ এপটোৰ নাম হ'ব 'শ্বাৰ্লিন চোপ্ৰা এপ' । যোৱা মাহত পৰ্ণ'গ্ৰাফী গোচৰ সন্দৰ্ভত ৰাজ কুন্দ্ৰাক গ্ৰেপ্তাৰ কৰাৰ পাছত শুকুৰবাৰে মুম্বাই অপৰাধ শাখাৰ সম্পত্তি কোষে সোধা-পোছাৰ বাবে শ্বাৰ্লিনক তলব কৰিছিল ।
শ্বাৰ্লিনে কয় যে, কুন্দ্ৰাই এপটোত বিভিন্ন ভিডিঅ' বিচাৰিছিল আৰু সেইবোৰৰ ভিতৰত আছিল গ্লেমাৰ, হাই ফেশ্বন, ফিটনেছ, ধেমালীয়া আৰু অন্যান্য বহু বিষয়ৰ ভিডিঅ' ।
শ্বাৰ্লিনে জনোৱা মতে, তেওঁ প্ৰথমে গ্লেমাৰ ভিডিঅ'ৰ বাবে দৃশ্যগ্ৰহণ কৰিছিল আৰু তাৰ পিছত তেওঁক "অৰ্ধ-নগ্ন আৰু নগ্ন ছবি"ত অভিনয় কৰিবলৈ কোৱা হৈছিল । অভিনেত্ৰীগৰাকীয়ে অভিযোগ তুলিছে যে, দৃশ্যগ্ৰহণৰ সময়ত তেওঁক বিভিন্ন কথা কৈ উৎসাহিত কৰা হৈছিল । তেওঁলোকে কৈছিল যে শ্বাৰ্লিনে ভাল কৰি আছে আৰু শিল্পা ছেট্টীয়ে তেওঁৰ ফটো আৰু ভিডিঅ' দেখিছে আৰু তেওঁৰ কামৰ প্ৰশংসা কৰিছে ।
শ্বাৰ্লিনে কৈছে যে, যেতিয়া কোনো লোকে নিজতকৈ জ্যেষ্ঠজনৰ পৰা প্ৰশংসা লাভ কৰে তেতিয়া কিবা ভুল কৰিছে বুলি অনুভৱ নহয় আৰু এনে প্ৰশংসাই কাম বেছি ভাল কৰিবলৈ মানুহক উৎসাহিত কৰে । শ্বাৰ্লিনক কোৱা হৈছিল যে তেওঁলোকে যি কৰি আছে সেয়া ভুল নহয় । সেই সময়ছোৱাত কোনো আইনী জাননী দিয়া হোৱা নাছিল বুলিও শ্বাৰ্লিনে জানিবলৈ দিছে ।