অসম

assam

ETV Bharat / sitara

ৰাজ কুন্দ্ৰাৰ গ্ৰেপ্তাৰক লৈ কি ক'লে শ্বাৰ্লিন চোপ্ৰাই ? - পৰ্ণ'গ্ৰাফী গোচৰ

পৰ্ণ ছবি নিৰ্মাণৰ অভিযোগত শিল্পা ছেট্টী(Shilpa Shetty)ৰ স্বামী ৰাজ কুন্দ্ৰা(Raj Kundra)ক গ্ৰেপ্তাৰ কৰা ঘটনাই এতিয়া আচৰিত কৰিছে সকলোকে । এই গোচৰৰ তদন্ত প্ৰক্ৰিয়া যিমানেই আগবাঢ়িছে সিমানেই ন ন তথ্য পোহৰলৈ আহিছে । ৰাজ কুন্দ্ৰাৰ গ্ৰেপ্তাৰ সন্দৰ্ভত পুণম পাণ্ডে(Poonam Pandey)ই প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পাছত এইবাৰ পৰ্ণ'গ্ৰাফী গোচৰৰে সম্পৰ্ক থকা সন্দৰ্ভত মুখ খুলিছে মডেল তথা অভিনেত্ৰী শ্বাৰ্লিন চোপ্ৰাই ।

Sherlyn Chopra on association with Raj Kundra
পৰ্ণ'গ্ৰাফী গোচৰৰে সম্পৰ্ক থকা সন্দৰ্ভত প্ৰতিক্ৰিয়া মডেল তথা অভিনেত্ৰী শ্বাৰ্লিন চোপ্ৰাৰ

By

Published : Jul 23, 2021, 3:37 PM IST

চিটাৰা ডেস্ক, ২৩ জুলাই: শিল্পা ছেট্টী(Shilpa Shetty)ৰ স্বামী তথা ব্যৱসায়ী ৰাজ কুন্দ্ৰা(Raj Kundra)ৰ গ্ৰেপ্তাৰ আৰু পৰ্ণ'গ্ৰাফী গোচৰৰ ক'লা অধ্যায়ে এতিয়া সংবাদ শীৰ্ষ দখল কৰিছে । আৰক্ষীৰ হাতত পৰিছে বহু চাঞ্চল্যকৰ তথ্য । ইতিমধ্যে বহু অভিনেত্ৰী-মডেল তথা আন বহু লোকৰ নাম এই গোচৰৰ সৈতে সাঙোৰ খাই পৰিছে ৷ শেহতীয়াকৈ পৰ্ণ'গ্ৰাফী গোচৰত ৰাজ কুন্দ্ৰাৰ গ্ৰেপ্তাৰ সন্দৰ্ভত এক আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰিছে মডেল তথা অভিনেত্ৰী শ্বাৰ্লিন চোপ্ৰাই ।

শ্বাৰ্লিনে কয় যে, এই গোচৰ সন্দৰ্ভত মহাৰাষ্ট্ৰ আৰক্ষীৰ চাইবাৰ শাখাৰ অনুসন্ধানকাৰী দলক তেওঁৱেই প্ৰথমে ভাষ্য প্ৰদান কৰিছিল ৷ শ্বাৰ্লিনে বৃহস্পতিবাৰে টুইটাৰত এটা ভিডিঅ' শ্বেয়াৰ কৰে । ভিডিঅ'টোত শ্বাৰ্লিনে কয় যে, যোৱা কেইদিনমান ধৰি কেইবাজনো সাংবাদিক আৰু সংবাদকৰ্মীয়ে তেওঁক ফোন কৰাৰ লগতে ই-মেইলো প্ৰেৰণ কৰিছে । আৰু ৰাইজে এই বিষয়ত তেওঁৰ মতামত কি সেয়া জানিব বিচাৰিছে ।

আৰ্মচপ্ৰাইমৰ(Armsprime)ৰ তথ্য আৰক্ষীৰ সৈতে প্ৰথমে তেওঁৱেই শ্বেয়াৰ কৰিছিল বুলি জানিবলৈ দি শ্বাৰ্লিনে কয় যে, "চাইবাৰ শাখাৰ অনুসন্ধানকাৰী দলক ভাষ্য প্ৰদান কৰা প্ৰথম ব্যক্তিগৰাকী মইয়েই আছিলো ৷ আৰ্মচপ্ৰাইমৰ বিষয়েও আৰক্ষীৰে তথ্য শ্বেয়াৰ প্ৰথমে মইয়েই কৰিছিলো ৷ " পুনম পাণ্ডে সন্দৰ্ভত অভিনেত্ৰীগৰাকীয়ে কয় যে, মহাৰাষ্ট্ৰ চাইবাৰ শাখাই তেওঁলৈ চমন জাৰি কৰাত শিল্পা আৰু তেওঁৰ সন্তানলৈ তেওঁৰ দয়া ওপজা বুলি মন্তব্য কৰাসকলৰ দৰে তেওঁ চহৰ এৰি যোৱা নাছিল আৰু দেশৰ পৰা পলায়ন কৰাৰো চেষ্টা কৰা নাছিল ৷ 2021 চনৰ মাৰ্চত চাইবাৰ শাখাৰ কাৰ্যালয়লৈ গৈ নিৰপেক্ষ ভাষ্য প্ৰদান কৰা বুলিও শ্বাৰ্লিনে জানিবলৈ দিয়ে ৷

সংবাদ মাধ্যমক উদ্দেশ্যি তেওঁ কয় যে, যদিও এই বিষয়টোত তেওঁৰ ক'বলগীয়া বহুত আছে তথাপি বিষয়টো বিচাৰাধীন হৈ থকা বাবে এই বিষয়ত তেওঁ অধিক মন্তব্য প্ৰকাশ কৰিব বিচৰা নাই ৷ বিশেষকৈ সংবাদমাধ্যমৰ লোকসকলক মহাৰাষ্ট্ৰ চাইবাৰ শাখাৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনাই চাইবাৰ শাখাৰ পৰা তেওঁ দিয়া ভাষ্যৰ বিষয়ে জানিব পাৰিব বুলি মন্তব্য কৰে ৷

লগতে পঢ়ক:ৰাজ কুন্দ্ৰাক গ্ৰেপ্তাৰে বহু হাইপ্ৰ'ফাইল লোকলৈ মাতিছে বিপদ

ABOUT THE AUTHOR

...view details