অসম

assam

By

Published : Jul 25, 2020, 4:08 PM IST

ETV Bharat / sitara

"মানুহে কংগনাৰ সফলতাক লৈ ঈৰ্ষা কৰে"- শত্ৰুঘ্ন সিন্হা

অভিনেত্ৰী কংগনা ৰাণাৱতে বিগত দিনত নেপ'টিজমৰ ধাৰাটোৰ ওপৰত মাত মাতি অহাৰ পৰা বাবে বৰ্তমান সময়ত যথেষ্ট চৰ্চাৰ মাজত আছে অভিনেত্ৰীগৰাকী ৷ শেহতীয়াকৈ জ্যেষ্ঠ অভিনেতা শত্ৰুঘ্ন সিন্হাই সহযোগ কৰিছে অভিনেত্ৰী কংগনা ৰাণাৱতক ৷ তেওঁ কৈছে যি সকলে কংগনাৰ বিপক্ষে থিয় দিছে তেওঁলোকে কংগনাৰ সফলতাক লৈ ঈৰ্ষা কৰে ৷

Shatrughan sinha Bats for Kangana Ranaut
কংগনাক সমৰ্থন শত্ৰুঘ্ন সিন্হাৰ

চিটাৰা ডেস্ক,25 জুলাইঃ বলীউডৰ জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত আৰম্ভ হ'ল আউটচাইডাৰ বনাম ইনচাইডাৰ যুদ্ধখন ৷ য'ত অভিনেত্ৰী কংগনা ৰাণাৱতে সকলো কথা খোলাকৈ প্ৰকাশ কৰি নিজৰ মন্তব্য দাঙি ধৰিছে সকলোৰে সন্মুখত ৷ অভিনেত্ৰী গৰাকীয়ে সেই সকল পৰিচালক আৰু অভিনেতা-অভিনেত্ৰীৰ নাম উল্লেখ কৰে,যি সকলে নেপ'টিজম ধাৰাটোক প্ৰশ্ৰয় দি আহিছে ৷

এনেকুৱাতে কংগনাৰ বক্তব্যক যদি কোনো কোনোৱে সমৰ্থন কৰিছে আন কোনোৱে আকৌ কংগনা ৰাণাৱতৰ বিৰোধিতা কৰিছে ৷

এক সাক্ষাৎকাৰ যোগে প্ৰসিদ্ধ অভিনেতা শত্ৰুঘ্ন সিন্হাই কৈছে যে,"মই বহুত মানুহ দেখিছো যি কংগনা ৰাণাৱতৰ বিপক্ষে মাত মাতিছে কাৰণ ভিতৰৰ পৰা এই সকল লোকে তেওঁক লৈ ঈৰ্ষা কৰে ৷ তেওঁলোকে ভাৱে, আমাৰ অনুগ্ৰহৰ অবিহনে, আমাৰ আজ্ঞাৰ অবিহনে, আমাৰ গ্ৰুপত অংশগ্ৰহণ নকৰাকৈ ,আমাৰ আশীৰ্বাদ নোলোৱাকৈ,আমাক নোসোধাকৈ এই ছোৱালীজনী ইমান দূৰ কেনেকৈ আগবাঢ়ি গ'ল ৷ এই কথাৰ বাবে তেওঁলোকৰ খং উঠে, ঈৰ্ষা জাগে ৷ তেওঁলোকে কংগনাৰ সফলতাক লৈ ঈৰ্ষা কৰে ৷"

ইয়াৰ পূৰ্বেও অভিনেতা গৰাকীয়ে বলীউড ইণ্ডাষ্ট্ৰীত নিজৰ মতামত দাঙি আহিছে ৷ তেওঁ পূৰ্বতে এনেকৈয়ো কৈছিল,"ছবি উদ্যোগটো কাৰোৰে সম্পত্তি নহয় ৷কাৰোৰে এই সিদ্ধান্ত লোৱাৰ অধিকাৰ নাই যে, ইয়াত কোন থাকিব, কোন নাথাকে ৷"

লগতে পঢ়কঃহিন্দী মনোৰঞ্জন ক্ষেত্ৰত সুনাম কঢ়িয়াইছে অসম জীয়ৰী প্ৰিয়াশাই

ABOUT THE AUTHOR

...view details