অসম

assam

ETV Bharat / sitara

প্লাষ্টিক ছাৰ্জাৰী সন্দৰ্ভত অভিনেত্ৰী ছামা ছিকন্দৰৰ মন্তব্য - অভিনেত্ৰী ছামা ছিকন্দৰ কচমেটিক ছাৰ্জাৰী

অভিনেত্ৰী ছামা ছিকন্দৰে কচমেটিক ছাৰ্জাৰী কৰা বুলি বহু কথা পোহৰলৈ আহিছে ৷ বহুদিনৰ পৰা এনে কথা চলি থকাৰ পিছতো অভিনেত্ৰীগৰাকীয়ে মনে মনেই আছিল ৷ কিন্তু শেহতীয়াকৈ তেওঁ মুখ খুলিছে আৰু খাৰিজ কৰিছে সকলোবোৰ কথা ৷

Shama Sikander debunks going under the knife rumours
ছামা ছিকন্দৰে কৰিছিল নেকি প্লাষ্টিক চাৰ্জাৰী

By

Published : Jun 28, 2020, 2:41 PM IST

চিটাৰা ডেস্ক,28 জুনঃঅভিনেত্ৰী ছামা ছিকন্দৰে কচমেটিক ছাৰ্জাৰী কৰা বুলি বাৰে বাৰে গুজৱ ওলাই থকাৰ পিছত শেহতীয়াকৈ অভিনেত্ৰী গৰাকীয়ে মুখ খুলিছে এই সন্দৰ্ভত ৷ শেহতীয়াকৈ তেওঁ কৈছে যে," এইটো জৰুৰী নহয় যে আপুনি প্ৰত্যেকবাৰ নিজক সলাবৰ বাবে কচমেটিক ছাৰ্জাৰীৰে সহায় ল'ব লাগিব ৷ ইয়াৰ সলনি মানুহে নিজৰ চিন্তাৰ বিকাশ কৰাটো জৰুৰী ৷ যাৰ জৰিয়তে আপুনি নিজৰ ভিতৰত নতুনত্ব অনুভৱ কৰিব পাৰিব" আৰু তেওঁ জনোৱা মতে নিজৰ লগত অভিনেত্ৰী গৰাকীয়ে সেয়াই কৰিছে ৷

ছামা ছিকন্দৰ

মানুহৰ মাজত তেওঁৰ চেহেৰাক লৈ এই গুজৱ তেতিয়া আৰম্ভ হৈছিল যেতিয়া তেওঁ 10 বছৰীয়া চেলেঞ্জ গ্ৰহণ কৰি 10 বছৰৰ আগৰ ফটো আৰু বৰ্তমানৰ এখন ফটো শ্বেয়াৰ কৰিছিল ৷ আৰু তেতিয়াৰ পৰাই মানুহে তেওঁক ছাৰ্জাৰী কৰা বুলি সমালোচনা কৰি আহিছিল ৷

এই সমালোচনা সন্দৰ্ভত তেওঁ কয়, "সকলোতকৈ প্ৰথমে মই এইটো আৰোপ বুজি নাপালো ৷ দোষী ? মই কোনো অপৰাধী নহয়, না মোৰ কিবা ভুল আছে ৷ মই নাভাবো যে এই কথাটো বুজাবলৈ বা ক'বলৈ কিবা আৱশ্যকতা আছে ৷ এইটো মোৰ জীৱন মই যি বিচাৰো, মই তাকেই কৰিব পাৰো আৰু দ্বিতীয় কথা আপোনালোকে নাজানে মই কি পৰিস্থিতি পাৰ কৰি আহিছো ৷"

অভিনেত্ৰী গৰাকীয়ে 2016 চনত নিজৰ জীৱনৰ সংঘৰ্ষৰ বিষয়ে সকলোৰে আগত ব্যক্ত কৰিছিল ৷ ইয়াৰ পূৰ্বতে অভিনেত্ৰী গৰাকীয়ে 2004চনত টিভি ধাৰাবাহিক,য়ে মেৰী লাইফ হেৰ জৰিয়তে জনপ্ৰিয়তা লাভ কৰিছিল ৷ ধাৰাবাহিকখনত অভিনেত্ৰী গৰাকীয়ে পূজা নামৰ এটা চৰিত্ৰ ৰূপায়ন কৰিছিল ৷

লগতে পঢ়কঃসুশান্ত সিং ৰাজপুতৰ অন্তিমখন ছবি "দিল বেচাৰা"ৰ প্ৰচাৰ জেকলিনৰ

ABOUT THE AUTHOR

...view details