অসম

assam

By

Published : Jul 28, 2020, 7:22 PM IST

ETV Bharat / sitara

পুনৰ দেখিবলৈ পোৱা যাব নেকি শ্বাহৰুখ-দীপিকাৰ যুটি?

জনমানসত খুবেই জনপ্ৰিয় শ্বাহৰুখ-দীপিকাৰ যুটি ৷ বৰ্তমানলৈকে তিনিওখন ছবিত দুয়োৱে মুখ্য তথা বিপৰীত চৰিত্ৰত অভিনয় কৰি যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে ৷ দৰ্শকে পুনৰ দেখিবলৈ পাব দুয়োৰে যুগলবন্দী ৷ সবিশেষ জানিবলৈ পঢ়ক...

Shahrukh khan and deepika padukone to reunite on screen
পুনৰ দেখিবলৈ পোৱা যাব নেকি শ্বাহৰুখ-দীপিকাৰ যুটি?

চিটাৰা ডেস্ক,28 জুলাইঃদৰ্শকে যথেষ্ট পচন্দ কৰে বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী দীপিকা পাডুকন আৰু চুপাৰষ্টাৰ শ্বাহৰুখ খানৰ যুটি ৷ দীপিকা পাডুকনে বলীউডত ভৰি থৈছিল ঔম শান্তি ঔমৰ জৰিয়তে ৷ এই ছবিখনত দীপিকাই অভিনয় কৰিছিল শ্বাহৰুখ খানৰ সৈতে ৷ তেতিয়াৰ পৰাই শ্বাহৰুখ আৰু দীপিকাৰ যুটিয়ে যথেষ্ট জনপ্ৰিয়তা লাভ কৰিলে দৰ্শকৰ মাজত ৷ দুয়োগৰাকী তাৰকাই ইয়াৰ পিছত একেলগে অভিনয় কৰিছিল চেন্নাই চুপাৰ এক্সপ্ৰেছত ৷ শেষবাৰৰ বাবে দুয়োকে একেলগে দেখিবলৈ পোৱা গৈছিল হেপি নিউ ইয়েৰ ছবিখনত ৷

শেহতীয়াকৈ অহা খবৰ মতে তেওঁলোকক পুনৰ একেলগে দেখিবলৈ পোৱা যাব সিদ্ধান্ত আনন্দৰ আগন্তুক ছবিত ৷ লগতে এই খবৰো আহি পৰিছে যে,এই ছবিত তেওঁলোকৰ সৈতে অভিনয় কৰিব দক্ষিণ জনপ্ৰিয় অভিনেতা প্ৰভাসে ৷ এই সকলোখিনি কথাই নিজেই ছ'চিয়েল মিডিয়া যোগে প্ৰকাশ কৰিছে অভিনেত্ৰী গৰাকীয়ে ৷

অৱশ্যে বৰ্তমানলৈকে ছবিখনৰ টাইটেল নিৰ্ধাৰণ হোৱা নাই ৷ এই ছবিখন বিশ্ব যুদ্ধৰ ওপৰত আধাৰিত হোৱাৰ সম্ভাৱনা প্ৰকট হৈছে ৷ লগতে জানিব পৰা মতে,এই ছবিখনৰ শ্বুটিং আৰম্ভ হ'ব 2021 বৰ্ষৰ এপ্ৰিল মাহৰ পৰা ৷

লগতে পঢ়কঃ যুৱ প্ৰতিভাক উদগনি জনালে অমিতাভ বচ্চনে

ABOUT THE AUTHOR

...view details