চিটাৰা ডেস্ক,11 জানুৱাৰীঃ শেহতীয়াকৈ কবীৰ সিঙত দুৰ্দান্ত অভিনয়ৰ জৰিয়তে দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা শ্বাহিদ কাপুৰ বৰ্তমান ব্যস্ত জাৰ্চি ছবিৰ শ্বুটিঙৰ কামত ৷ শ্বুটিং কৰি থকাৰ মাজতে গম্ভীৰ ৰূপত আঘাতপ্ৰাপ্ত হয় অভিনেতাগৰাকী ৷
সূত্ৰৰ মতে," শ্বাহিদ কাপুৰে শ্বুটিঙৰ বাবে ক্ৰিকেটৰ অনুশীলন কৰি থকা সময়তে আচম্বিতে তেওঁৰ গাত বল লাগি আঘাতপ্ৰাপ্ত হয় ৷ অভিনেতাগৰীকৰ মুখত বল লাগি দুখ পায় তলৰ ওঁঠত ৷ তাৰ পিছতে তৎক্ষণাত তেওঁক লৈ যোৱা হয় চিকিৎসকৰ ওচৰলৈ ৷"
ৰিৰ্পোট অনুসৰি , শ্বাহিদ সম্প্ৰতি সুস্থ যদিও আঘাত গভীৰ হোৱাৰ বাবে ঘাঁ থিক হ'বৰ বাবে তেওঁক কমেও 4/5 দিন সময় লাগিব ৷ তাৰ পিছতহে তেওঁ পুনৰ ছবিখনৰ শ্বুটিঙৰ বাবে আগবাঢ়িব পাৰিব ৷
ছবিখনৰ কথালৈ গ'লে, জাৰ্চী ছবিখন হ'ল তেলেগু ছবিৰ হিন্দী ৰি-মেক ৷ অমন গিল আৰু দিল ৰাজুৰ দ্বাৰা নিৰ্মিত ছবিখন প্ৰস্তুত কৰিছে অল্লু অৰবিন্দে ৷লগতে ছবিখন পৰিচালনা কৰিছে অৰিজিনেল তেলেগু ছবিখনৰ পৰিচালক গৌতম তিন্নুৰীয়ে ৷
ছবিখনত দৰ্শকে শ্বাহিদৰ এগৰাকী ক্ৰিকেটাৰৰ ৰূপত দেখিবলৈ পাব ৷ ছবিখনৰ কাহিনী এগৰাকী ক্ৰিকেটাৰৰ সংঘৰ্ষৰ ওপৰত আধাৰিত ৷ ক্ৰিকেটাৰ গৰাকীয়ে পৰিস্থিতিত পৰি ক্ৰিকেট বাদ দিছিল যদিও পিছত নিজৰ পুত্ৰৰ বাবে পুনৰ ক্ৰিকেট খেল আৰম্ভ কৰিবলগীয়া হয় ৷ ছবিখনত মুখ্য চৰিত্ৰত শ্বাহিদ কাপুৰে অভিনয় কৰাৰ লগতে শ্বাহিদৰ পিতৃ পংকজ কাপুৰ আৰু অভিনেত্ৰী ম্ৰুণাল ঠাকুৰেও অভিনয় কৰিছে ছবিখনৰ অন্য চৰিত্ৰত ৷
লগতে পঢ়কঃচপ্পকলৈ বিশেষ নিৰ্দেশনা দিল্লী উচ্চ ন্যায়ালয়ৰ