চিটাৰা ডেস্ক, 16 মাৰ্চ : বহু সময়ৰ বিৰতিৰ মূৰত শ্বাহৰুখ খানক ৰূপালী পৰ্দাত দেখিবলৈ পোৱা যাব ৷ শ্বাহৰুখৰ মুক্তি লাভ কৰিবলগীয়া ছবি পাঠানৰ দৃশ্যগ্ৰহণৰ কাম প্ৰায় শেষ হোৱাৰ পথত ৷ তেওঁৰ অনুৰাগীসকলৰ মাজত এতিয়া ইয়াকে লৈ সাংঘাতিক উৎকণ্ঠা ৷
ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ মাজতে কিছুদিন পূৰ্বে স্পেইনলৈ যাত্ৰা কৰিছিল পাঠান ছবিৰ টীমটোৱে ৷ তাতেই ছবিখনৰ শ্বুটিঙৰ কাম সমাপ্ত হ’ব ৷ শ্বুটিংস্থলীৰ পৰাই বাহিৰ হৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে কিং খানৰ এখন চাৰ্টলেছ ফটো (Shah Rukh Khan leaked image) ৷ শ্বাহৰুখ খানৰ অনুৰাগী ফেচবুকৰ পেজ এটাই শ্বেয়াৰ কৰিছে এই ফটোখন ৷
ভাইৰেল হৈ পৰা ফটোখনত শ্বাহৰুখক এটা অ’লিভ গ্ৰীণ ৰঙী কাৰ্গ’ পেণ্ট পৰিহিত অৱস্থাত দেখা গৈছে ৷ অভিনেতাগৰাকীয়ে লগতে পৰিধান কৰিছে এযোৰ গাগল্ছ ৷ উদং শৰীৰত দীঘল চুলিৰ সৈতে শ্বাহৰুখৰ এই ৰূপে খলকনি তুলিছে ছ’চিয়েল মিডিয়াৰ লগতে অনুৰাগীৰ মাজত ৷