অসম

assam

By

Published : Oct 11, 2021, 10:57 PM IST

ETV Bharat / sitara

কাৰাগাৰতে থাকিব লাগিব শ্বাহৰুখ তনয় !

কিছুদিন কাৰাগাৰতে থাকিব লাগিব শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খান ৷ এতিয়াও জামিনৰ পথ প্ৰশস্ত হোৱা নাই মুম্বাইৰ ক্ৰুজ ড্ৰাগছ গোচৰত অভিযুক্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ ৷ যোৱা বুধবাৰে আৰিয়ানৰ জামিন আবেদনৰ শুনানি হোৱাৰ আছিল যদিও সত্ৰ ন্যায়াধীশে শুনানি স্থগিত ৰাখে ৷ যাৰ বাবে বুধবাৰে জামিন লাভ কৰিবলৈ সক্ষম নহ'ল আৰিয়ান ৷

sessions court adjourned aryan khans bail application
আৰিয়ান খান

চিটাৰা ডেস্ক , 11 অক্টোবৰ :মুম্বাইৰ ক্ৰুজ ড্ৰাগছ গোচৰত অভিযুক্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানে খানে আৰু কিছুদিন কাৰাগাৰতে দিন পাৰ কৰিব লাগিব ৷ যোৱা বুধবাৰে আৰিয়ান খান, আৰবাজ মাৰ্চেণ্ট আৰু মুনমুন ধামেছাৰ জামিন আবেদনৰ শুনানি হোৱাৰ কথা আছিল যদিও সত্ৰ ন্যায়াধীশে শুনানি স্থগিত ৰাখে ৷ যাৰ বাবে বুধবাৰে জামিন লাভ কৰিবলৈ সক্ষম নহ'ল আৰিয়ান ৷ অৰ্থাৎ আগন্তুক শুনানি পৰ্যন্ত কাৰাগাৰতে থাকিব লাগিব শ্বাহৰুখ তনয় ৷

প্ৰাপ্ত খবৰ অনুসৰি, NCBয়ে জামিন আবেদনৰ আনুষ্ঠানিক সঁহাৰি দিয়াৰ বাবে কিছু সময় বিচাৰিছে ৷ সেই অনুসৰি আদালতে NCB ক বুধবাৰলৈকে সময় দিছে ৷ বুধবাৰে ৰাতিপুৱা NCBয়ে সত্ৰ ন্যায়াধীশত ইয়াৰ প্ৰতিবেদন দাখিল কৰাৰ সম্ভাৱনা আছে ৷ এতিয়া NCBৰ প্ৰতিবেদন দাখিলৰ ওপৰত আৰিয়ান খানৰ জামিন আবেদনৰ শুনানি নিৰ্ভৰ কৰিছে ৷

জানিব পৰা মতে, আৰিয়ান খানৰ জামিন আবেদনৰ শুনানিক লৈ সত্ৰ আদালতত NCBৰ পৰামৰ্শদাতা আৰু অভিযুক্তৰ পৰামৰ্শদাতাৰ মাজত কিছু তৰ্কৰ সূত্ৰপাত হৈছিল ৷ Defendant's lawyer সকলে NCBক কেইবাটাও প্ৰশ্ন সুধিছিল যিবোৰৰ উত্তৰ দিবলৈ NCBয়ে সময় বিচাৰিছিল ৷

লগতে পঢ়ক :Byju's য়ে বন্ধ কৰিলে শ্বাহৰুখৰ সকলো বিজ্ঞাপন

ABOUT THE AUTHOR

...view details