চিটাৰা ডেস্ক, 24 ফেব্ৰুৱাৰী:আলিয়া ভাটৰ অনুৰাগী সকললৈ এটি সুখবৰ । উচ্চতম ন্যায়ালয়ে 24 ফেব্ৰুৱাৰীত আলিয়া ভাটৰ 'গংগুবাই কাথিয়াৱাড়ী'ৰ মুক্তিৰ ওপৰত নিষেধাজ্ঞা বিচাৰি কৰা আবেদন খাৰিজ কৰিছে (Injunction on release of Gangubai Kathiawadi) । ন্যায়াধীশ ইন্দিৰা বেনাৰ্জী আৰু জে কে মহেশ্বৰীৰ বিচাৰপীঠে 'গংগুবাই কাথিয়াৱাড়ী' বোলছবিখনৰ মুক্তিৰ বাবে দিলে সেউজ সংকেত । ছবিখন ২৫ ফেব্ৰুৱাৰীত ছবিগৃহলৈ আহিব (Gangubai Kathiawadi release date) ।
বাবুজী ৰাও শ্বাহ নামৰ এজন ব্যক্তিয়ে নিজকে গংগুবাইৰ পুত্ৰ বুলি অভিহিত কৰি আদালতত আবেদন দাখিল কৰিছিল যে ছবিখনত তেওঁৰ মাতৃ গংগুবাইৰ প্ৰকৃত ছবিখন নষ্ট কৰা হৈছে ৷ শ্বাহে তেওঁৰ আবেদনত নিৰ্মাতাসকলৰ ওপৰতো অভিযোগ উত্থাপন কৰিছিল । শ্বাহে অভিযোগ আনিছিল যে গংগুবাইক পতিতা, পতিতালয়ৰ তত্ত্বাৱধায়িকা আৰু মাফিয়া ৰাণী হিচাপে বৰ্ণনা কৰা হৈছে যিটো সম্পূৰ্ণৰূপে ভুল ।
চলচ্চিত্ৰখনৰ পৰিচালক সঞ্জয় লীলা ভাঞ্চালীৰ অধিবক্তা আৰ্যমা সুন্দৰমে আদালতত যুক্তি দিয়ে যে ছবিখন এতিয়ালৈকে মুক্তি দিয়া হোৱা নাই আৰু আবেদনকাৰীয়ে ছবিখনৰ দৃশ্যাংশ দেখা নাই । অধিবক্তা গৰাকীয়ে তেওঁৰ আবেদনত লগতে উল্লেখ কৰে যে ছবিখনত গংগুবাইৰ প্ৰকৃত ছবিখনৰ সৈতে কোনো ধৰণৰ খেলিমেলি কৰা হোৱা নাই ।