অসম

assam

ETV Bharat / sitara

দিশা সালিয়ানৰ মৃত্যত CBI তদন্তৰ দাবীৰে কৰা আবেদন নস্যাৎ উচ্চতম ন্য়ায়ালয়ৰ

সুশান্ত সিং ৰাজপুতৰ প্ৰাক্তন মেনেজাৰ, দিশা সালিয়ানৰ মৃত্যৰ বাবে CBI তদন্তৰ দাবী জনাই কৰা আবেদনক নস্যাৎ কৰে উচ্চতম ন্যায়ালয়ে ৷

দিশা সালিয়ানৰ মৃত্যত CBI তদন্তৰ দাবীৰে কৰা আবেদন নস্যাৎ উচ্চতম ন্য়ায়ালয়ৰ
দিশা সালিয়ানৰ মৃত্যত CBI তদন্তৰ দাবীৰে কৰা আবেদন নস্যাৎ উচ্চতম ন্য়ায়ালয়ৰ

By

Published : Oct 26, 2020, 9:22 PM IST

চিটাৰা ডেস্ক, 26 অক্টোবৰ:সোমবাৰে উচ্চতম ন্যায়ালয়ে প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ প্ৰাক্তন মেনেজাৰ, দিশা সালিয়ানৰ মৃত্যৰ বাবে CBI তদন্তৰ দাবী জনাই কৰা আবেদনক নস্যাৎ কৰে ৷

শীৰ্ষ আদালতে আবেদনকাৰীক সেই আবেদন প্ৰত্যাহাৰ কৰিবলৈ কোৱাৰ লগতে, আবেদনখন লৈ বম্বে উচ্চ ন্যায়ালয়ত কাষ চাপিবলৈ কয় ৷ মুখ্য ন্যায়াধীশ এছ.এ ববডেৰ বিচাৰপীঠলৈ আহিছিল আবেদনখন ৷

আবেদন খন অধিবক্তা পুনীত ধাণ্ডাৰ দ্বাৰা দাখিল কৰা হৈছিল, যিয়ে দাবী কৰিছিল যে সালিয়ান আৰু ৰাজপুতৰ মৃত্যু ইটো সিটোৰ সৈতে জড়িত ৷ কিয়নো বহু সন্দেহজনক পৰিস্থিতিৰ মাজতে দুয়োৰে মৃত্য়ু হৈছিল ৷

লগতে পঢ়ক:হিন্দী বোলছবিত সুযোগ নোপোৱাক লৈ আক্ষেপ নাই শ্ৰুতি হাছানৰ

ABOUT THE AUTHOR

...view details