চিটাৰা ডেস্ক, 27 ডিচেম্বৰ : ‘মধুবন’ গীতটোকলৈ বিতৰ্ক হোৱাৰ পিছত মিউজিক লেবেল সাৰেগামাই দেওবাৰে গীতটোৰ নাম সলনি কৰাৰ লগতে গীতৰ কথা সলনি কৰিব বুলি সদৰি কৰিছে ৷ মধ্যপ্ৰদেশৰ গৃহমন্ত্ৰী নৰোত্তম মিশ্ৰাই 'Madhuban mein Radhika nache, jaise jungle me nache mor' শীৰ্ষক গানটোৰ বাবে গীতটোৰ লগত জড়িত সকলোকে তিনিদিনৰ ভিতৰত গীতটো বন্ধ কৰিবলৈ সতৰ্কবাণী শুনোৱাৰ পিছতে Music label Saregama ই গীত সলনিৰ সিদ্ধান্ত ৰাজহুৱা কৰে ৷
মধ্যপ্ৰদেশৰ গৃহমন্ত্ৰী তথা চৰকাৰখনৰ মুখপাত্ৰ মিশ্ৰাই কয়, হিন্দু সকলে মা-ৰাধাক উপাসনা কৰে ৷ এই গানটোৰ কথা আৰু সুৰে হিন্দুসকলৰ ধৰ্মীয় অনুভূতিত আঘাত হানিছে ৷ ধৰ্মৰ মোল বুজি নোপোৱা কিছুমানে ধৰ্মীয় সংস্কৃতি বিকৃত কৰাৰ অভিযোগ তোলে তেওঁ ৷
যোৱা সপ্তাহত মুক্তি লাভ কৰা গানটোত কণ্ঠদান কৰিছে শ্বাৰিব আৰু তছিয়ে ৷ ছানী, কনিকা কাপুৰ, অৰিন্দম চক্ৰৱৰ্তীয়ে অভিনয় কৰা গানটোত শ্লীলতা হানিৰো অভিযোগ আহি পৰিছে (New Song 'Madhuban' is in controversy) ৷