অসম

assam

By

Published : Jul 14, 2020, 1:39 PM IST

ETV Bharat / sitara

এইবাৰ চাৰা আলী খানৰ ঘৰত ওলাল কৰ'ণা ৰোগী

মুম্বাইত অলপো প্ৰভাৱ কমা নাই কৰ'ণা ভাইৰাছৰ ৷ তাৰ সলনি ক্ৰমাণ্বয়ে বৃদ্ধিহে পাইছে কৰ'ণাৰ প্ৰভাৱ ৷ অমিতাভ বচ্চন, অনুপম খেৰৰ পিছত এইবাৰ চাৰা আলী খানৰ ঘৰত কৰ'ণাৰ আগমন ৷ চাৰাই ছ'চিয়েল মিডিয়াযোগে শেহতীয়াকৈ জনাই যে, অভিনেত্ৰীগৰাকীৰ ড্ৰাইভাৰৰ শৰীৰত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ অৱস্থিতি ৷

Sara Ali Khan's driver tests positive for coronavirus
চাৰা আলী খানৰ ঘৰত ওলাল কৰ'ণা ৰোগী

চিটাৰা ডেস্ক,14 জুলাইঃ বলীউডৰ প্ৰসিদ্ধ অভিনেতা আৰু অনুপম খেৰৰ পিছত এইবাৰ অভিনেত্ৰী চাৰা আলী খানৰ ঘৰত ধৰা পৰিছে কৰ'ণা ভাইৰাছ ৰোগী ৷

অভিনেত্ৰীগৰাকীয়ে সোমবাৰে ৰাতি ইনষ্টাগ্ৰাম একাউন্ট যোগে জনাই যে, তেওঁৰ ড্ৰাইভাৰজনৰ শৰীৰত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ অৱস্থিতি ৷ ড্ৰাইভাৰ জন কৰ'ণা পজিটিভ বুলি জনাৰ পিছতে তেওঁক প্ৰেৰণ কৰা হয় কোৱাৰেন্টাইন চেন্টাৰলৈ ৷

চাৰাই লগতে জনাই যে, তেওঁৰ পৰিয়ালৰ মানুহ আৰু ঘৰৰ বাকী কৰ্মচাৰীৰ ৰিপ'ৰ্ট নিগেটিভ আহিছে ৷ তেওঁলোকে এইক্ষেত্ৰত যথেষ্ট সাৱধানতা অৱলম্বন কৰি আছে ৷ বী.এম.চিয়ে প্ৰদান কৰা গাইডলাইনৰ বাবে ধন্যবাদ জনাইছে অভিনেত্ৰীগৰাকীয়ে ৷

চাৰাই প'ষ্টটো দিয়াৰ পিছতে অনুৰাগীসকলে নিজৰ চিন্তা ব্যক্ত কৰা পৰিলক্ষিত হয় ৷ প'ষ্টটো দিয়াৰ কিছু সময়ৰ পিছতে কমেন্টেৰে উপচাই পেলালে অনুৰাগীয়ে ৷ অধিকাংশই অভিনেত্ৰীগৰাকীক সাৱধানে থাকিবলৈ কোৱাৰ লগতে নিজৰ যত্ন ল'বলৈ অনুৰোধ জনালে কমেন্ট যোগে ৷

লগতে পঢ়কঃঅমিতাভ বচ্চনৰ 26 গৰাকী কৰ্মচাৰী কৰ'ণা ভাইৰাছ নিগেটিভ

ABOUT THE AUTHOR

...view details