চিটাৰা ডেস্ক, ২৬ জুলাই: ১২ সংখ্যক ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল অৱ মেলবৰ্ণ (Indian Film Festival Of Melbourne) প্ৰদৰ্শিত হ'ব "বুলেট প্ৰুফ আনন্দ"(Bullet Proof Anand) । চুটি ছবিখনত অভিনয় কৰিছে অভিনেতা সঞ্জয় মিশ্ৰ, জাভেদ জাফ্ৰী, অংশুমান ঝাই । ১২ আগষ্টৰ পৰা ২৫ আগষ্টলৈ অনুষ্ঠিত হ'ব এই চলচিত্ৰ মহোৎসৱ । অৱশ্যে, কেতবোৰ অনুষ্ঠানৰ অনলাইন ষ্ট্ৰীমিং ১৫-৩১ আগষ্টলৈ অনুষ্ঠিত হ'ব ।
এই সন্দৰ্ভত সঞ্জয় মিশ্ৰই কয় যে, যোৱা দশকত ভাৰতীয় ছবি উদ্যোগে নিৰ্মাণ কৰি অহা কিছু সংখ্যক ছবি পূৰ্বৰ তুলনাত বহু বেছি বৈচিত্ৰ্যপূৰ্ণ আৰু পৃথক । 'বুলেট প্ৰুফ আনন্দ' তেনে ধৰণৰে ছবি বুলি তেওঁ মন্তব্য কৰে । বুলেট প্ৰুফ আনন্দ হৈছে ব্ৰুছ লী আৰু ৰাজেশ খান্নাৰ 'আনন্দ'ৰ প্ৰতি এক শ্ৰদ্ধাঞ্জলি ।
সঞ্জয় আৰু অংশুমানে উত্তৰ ভাৰতীয় গুণ্ডাৰ চৰিত্ৰত অভিনয় কৰিছে । ছবিখনত জাভেদক বুলেটপ্ৰুফ আনন্দ নামৰ গেংষ্টাৰৰ ৰূপত দেখা পোৱা যাব ।