চিটাৰা ডেস্ক, ৩ আগষ্ট: অৱসৰ বিনোদনৰ সময়ৰ এখনৰ পাছত আনখন ফটো ছ'চিয়েল মিডিয়াযোগে শ্বেয়াৰ কৰিছে বলীউড অভিনেতা সঞ্জয় দত্ত(Sanjay Dutt)ৰ কন্যা ত্ৰিশালা দত্ত(Trishala Dutt)ই । দৰাচলতে বৰ্তমান হাৱাই দ্বীপ(Hawaiian island)ত আছে ত্ৰিশালা । ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা আঁতৰি সুৰ্যাস্তৰ সময়, নীলা পানী, সমুদ্ৰ তীৰৰ বালিৰ মাজত কিছু সময় অতিবাহিত কৰিছে ত্ৰিশালাই । হাৱাইত ত্ৰিশালাই আনন্দেৰে সময় অতিবাহিত কৰিছে ।
ত্ৰিশালা দত্ত পেছাত এগৰাকী মনোৰোগ বিশেষজ্ঞ । তেওঁ নিউয়ৰ্কত বাস কৰে । ত্ৰিশালা সঞ্জয় দত্ত আৰু তেওঁৰ প্ৰয়াত পত্নী ৰিচা শৰ্মাৰ কন্যা । মঙলবাৰে ত্ৰিশালাই হাৱাই দ্বীপৰ কেইবাখনো ফটো ইনষ্টাগ্ৰামযোগে শ্বেয়াৰ কৰিছে ।
এখন ফটোত তেওঁক চুইমৱেৰ পিন্ধি সাগৰৰ পাৰত বহি থকা দেখা গৈছে । এই ফটোখন শ্বেয়াৰ কৰি ৩৩ বছৰীয়া ত্ৰিশালাই লিখিছে "আলোহা" । ইনষ্টাগ্ৰামত ত্ৰিশালাৰ ৫২৭ হাজাৰৰো অধিক ফ'লৱাৰ্ছ আছে ।