চিটাৰা ডেস্ক, 12 আগষ্ট: মঙলবাৰে বলিউডৰ মুন্নাভাই সঞ্জয় দত্তৰ দেহত চতুৰ্থ পৰ্যায়ত হাঁওফাঁওৰ কৰ্কট ৰোগ ধৰা পৰাৰ পাচতে তেওঁক উন্নত চিকিৎসাৰ বাবে আমেৰিকালৈ লৈ যোৱা হ’ব বুলি জানিব পৰা গৈছে ৷ মঙলবাৰে এক প্ৰতিবেদনত প্ৰকাশ পাইছে এই কথা ৷
প্ৰতিবেদনত উল্লেখিত অনুসৰি,অভিনেতা গৰাকীয়ে মুম্বাইৰ লীলাৱতী হাস্পতালত কৰা স্বাস্থ্য পৰীক্ষাৰ পাচতে তেওঁৰ দেহত এই ৰোগৰ উপস্থিতিৰ কথা পোহৰলৈ আহে ৷ মঙলবাৰে এক টুইটযোগে অভিনেতা গৰাকীয়ে কয় যে,তেওঁ চিকিৎসাৰ বাবে কামৰ পৰা সাময়িক বিৰতি ল’ব ৷ লগতে তেওঁ অচিৰেই উভতি অহাৰ আশ্বাস দিয়ে ৷