অসম

assam

By

Published : Feb 8, 2021, 12:24 PM IST

ETV Bharat / sitara

মোৰ মনৰ শক্তিৰ ফলতে কেন্সাৰক প্ৰতিহত কৰাত সক্ষম হ'লো : সঞ্জয় দত্ত

কেন্সাৰত আক্ৰন্ত হৈ জীৱন জীনাৰ মাত্ৰ 50 শতাংশ সুযোগ থকাৰ পাছতো মাৰাত্মক ৰোগবিধক প্ৰতিহত কৰাত সফল বলিউদৰ চুপাৰষ্টাৰ সঞ্জয় দত্ত ৷ বিশ্ব কেন্সাৰ দিৱসত অভিনেতা গৰাকীয়ে ব্যক্ত কৰিলে কেন্সাৰৰ বিৰুদ্ধে যুঁজখনত তেওঁৰ অভিজ্ঞতা ৷ মনৰ শক্তি আৰু জীৱনৰ প্ৰতি থকা ইতিবাচক ধাৰণাই কেন্সাৰক প্ৰতিহত কৰাত তেওঁক সহায় কৰা বুলি মন্তব্য অভিনেতা গৰাকীৰ ৷

sanjay dutt on defeating cancer
sanjay dutt on defeating cancer

চিটাৰা ডেস্ক, 8 ফেব্ৰুৱাৰী:কেন্সাৰৰ দৰে ৰোগত আক্ৰান্ত হৈ মাৰাত্মক ৰোগবিধক প্ৰতিহত কৰাত সফল হৈছে বলিউদৰ চুপাৰষ্টাৰ সঞ্জয় দত্ত ৷ কেন্সাৰৰ সৈতে তেওঁ কৰা যুদ্ধৰ কথা মনত পেলাই বলিউদৰ চুপাৰষ্টাৰ গৰাকীয়ে কয় যে আৰম্ভণিৰ সময়তেই চিকিৎসক সকলে তেওঁক এই বিষয়ে অৱগত কৰিছিল যে জীৱনৰ সৈতে যুঁজখনত জয়লাভ কৰিব নে নকৰে সেই ক্ষেত্ৰত সুযোগ 50 শতাংশহে আছে ৷ তেওঁ কয় যে তেওঁৰ মনৰ শক্তি আৰু জীৱনৰ প্ৰতি থকা ইতিবাচক ধাৰণাই কেন্সাৰক প্ৰতিহত কৰাত তেওঁক সহায় কৰিলে ৷

বিশ্ব কেন্সাৰ দিৱস 2021 ৰ দিনটোত Cancer Up to Date: Cancer Care Advances in a COVID-19 Reality শীৰ্ষক এখন ভাৰ্চুৱেল সন্মিলনীত অংশ লৈ দত্তই 4 নং স্তৰত তেওঁ কেনেকৈ হাঁওফাঁওৰ কেন্সাৰ ৰোগৰ সৈতে যুঁজ দিছিল সেই অভিজ্ঞতাৰ বিষয়ে সকলোকে ব্যক্ত কৰে ৷

61 বৰ্ষীয় অভিনোতা গৰাকীয়ে কয় যে, "যেতিয়া মই খবৰ পাইছিলো মোৰ যথেষ্ট খঙ উঠিছিল আৰু মোৰ লগতে কিয় এনে হ'ল বুলি ভাবিছিলো ৷ সাধাৰণতে মানুহে এই ৰোগত আক্ৰান্ত হোৱাৰ পাছত কেনেধৰণে চিকিৎসা গ্ৰহণ কৰিব সেই সিদ্ধান্ত লোৱাত যথেষ্ট সময় লয় ৷ কিন্তু মোৰ হাতত সময় একেবাৰে নাছিল ৷ সেয়ে মই যে ৰোগত আক্ৰন্ত হৈছো সেই কথা মনতে গ্ৰহণ কৰি ললো আৰু সিদ্ধান্ত ললো যে যি পৰিস্থিতিতেই নহওক মই কেন্সাৰৰ সৈতে যুঁজ দি যাম ৷ যেতিয়া মই ডাঃ স্বাস্বতীক প্ৰথমবাৰৰ বাবে লগ কৰিবলৈ যাও তেতিয়া মনত মই এই ভাৱধাৰা লৈয়েই আগবাঢ়িছিলো ৷ "

দত্তই লগতে কয় যে চিকিৎসকে মোক যেতিয়া জনালে যে, মই কেন্সাৰক প্ৰতিহত কৰাৰ ক্ষেত্ৰত 50 শতাংশহে সুযোগ আছে আৰু চিকিৎসকে মোক ইতিবাচকভাৱে সুস্থ হোৱাৰ ফালৰ 50 শতাংশক ঘৰত থিয় হোৱাটো বিচাৰে , সেই কথাষাৰেই মোৰ মাজত যথেষ্ট পৰিৱৰ্তন আনি দিলে ৷

উল্লেখ্য যে, 2020 ৰ আগষ্টত এই কথা প্ৰকাশ হৈছিল যে, অভিনেতা গৰাকী কেন্সাৰত আক্ৰান্ত হৈছে তেওঁৰ চিকিৎসা চলি আছে ৷ অক্টোবৰত অভিনেতা গৰাকীয়ে ঘোষণা কৰিছিল কেন্সাৰক প্ৰতিহত কৰি তেওঁ বিজয়ী হৈছে ৷

লগতে পঢ়ক:কুনালৰ অভিনয় দেখি ভয় কৰিছিল পত্নী শ্বোহা আলী খানে

ABOUT THE AUTHOR

...view details