আগন্তুক লোকসভা নিৰ্বাচনত অংশগ্ৰহণ নকৰে সঞ্জয় দত্তই - সঞ্জয় দত্তে
ভগ্নী প্ৰিয়া দত্তক নিৰ্বাচনত সম্পূৰ্ণ সহযোগ কৰিব অভিনেতা গৰাকীয়ে
![আগন্তুক লোকসভা নিৰ্বাচনত অংশগ্ৰহণ নকৰে সঞ্জয় দত্তই](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2802921-922-3446b882-d00f-408a-aaa3-f6a6e5e3ce27.jpg)
আগন্তুক লোকসভা নিৰ্বাচনত অংশগ্ৰহণ নকৰে সঞ্জয় দত্তে
নিউজ ডেক্স,২৬ মাৰ্চঃ শেহতীয়াকৈ খবৰ প্ৰচাৰ হৈ আছিল যে, বি টাউনৰ অভিনেতা সঞ্জয় দত্তে আগন্তুক লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দি্বতা কৰিব । কিন্তু এই সকলোবোৰ খবৰৰ যৱনিকা পেলাই অভিনেতাগৰাকীয়ে টুইটাৰ যোগে প্ৰকাশ কৰে যে, এইয়া আচলতে উৰাবাতৰিহে । তেওঁৰ লোকসভা নিৰ্বাচন খেলাৰ কোনো অভিপ্ৰায় নাই । তেওঁৰ মতে, তেওঁ দেশৰ লগত আছে আৰু ভগ্নী প্ৰিয়া দত্তক তেওঁ সম্পূৰ্ণ সহযোগ কৰিব । লগতে অভিনেতাগৰাকীয়ে সকলো দেশবাসীকে ভোট দান কৰি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবৰ বাবে আহ্বান জনাই ।