অসম

assam

By

Published : Jul 22, 2020, 8:16 PM IST

ETV Bharat / sitara

পুনৰ পিছুৱাই দিয়া হ'ল ছামছেৰা ছবিৰ শ্বুটিঙৰ তাৰিখ

1আগষ্টৰ পৰা নহয় 15 আগষ্টৰ পৰাহে হ'ব ছামছেৰা ছবিৰ শ্বুটিং ৷ কৰ'ণাৰ সংহাৰৰ বাবে সঞ্জয় দত্ত আৰু ৰণবীৰ কাপুৰ অভিনীত ছবি ছামছেৰাৰ শ্বুটিঙৰ তাৰিখ পুনৰ পিছুৱাই দিয়া হৈছে ৷ কৰ'ণাৰ প্ৰভাৱৰ ফলত বাকী থকা শ্বুটিং সম্পূৰ্ণ নোহাৱাৰ বাবে ছবিখন এইবৰ্ষত মুক্তি নোপোৱাৰ সম্ভাৱনা প্ৰকট হৈছে ৷

Sanjay dutt and Ranbir kapoors Shamshera shoot delayed
পুনৰ পিছুৱাই দিয়া হ'ল ছামছেৰা ছবিৰ শ্বুটিঙৰ তাৰিখ

চিটাৰা ডেস্ক,22 জুলাইঃকৰ'ণা ভাইৰাছৰ প্ৰকোপৰ বাবে দেশজুৰি চলিছিল লক ডাউন প্ৰক্ৰিয়া ৷ লক ডাউনৰ ফলত সৃষ্টি হোৱা প্ৰতিবন্ধকতাৰ বাবে বাদ পৰি ৰৈছিল ছবি আৰু টেলিভিছনৰ ধাৰাবাহিক তথা বিভিন্ন অনুষ্ঠানৰ শ্বুটিং ৷ বলীউডৰ বহু ছবিৰ শ্বুটিং মাজতে বন্ধ কৰি দিবলগীয়া হৈছিল ৷ তাৰ ভিতৰত সঞ্জয় দত্ত আৰু ৰণবীৰ কাপুৰ অভিনীত ছামছেৰাও অন্যতম ৷

ক্ৰমশঃ বহুজনে সম্প্ৰতি আৰম্ভ কৰিবলৈ টেলিভিছন তথা ছবিৰ শ্বুটিং ৷ ছবি ছামছেৰাও 1 আগষ্টৰ পৰা পুনৰ শ্বুটিং হোৱাৰ কথা আছিল ৷ কিন্তু দেশৰ তথা মহাৰাষ্ট্ৰৰ শেহতীয়া পৰিস্থিতিলৈ লক্ষ্য কৰি ছবিখনৰ শ্বুটিং 1 আগষ্টৰ পৰা 15 আগষ্টলৈ পিছুৱাই দিয়া হৈছে ৷

15 আগষ্টৰ পৰা পুনৰ আৰম্ভ হ'ব ছবিখনৰ শ্বুটিং ৷ উল্লেখ্য যে,যশৰাজ ফিল্মৰ বেনাৰত নিৰ্মাণ হৈছেছামছেৰা ছবিখন ৷ এই ছবিখনত ৰণবীৰ কাপুৰক ডকাইতৰ ৰূপত দেখিবলৈ পোৱা যাব ৷ কৰণ মলহোত্ৰাৰ দ্বাৰা নিৰ্দেশিত ছবিখনত বাণী কাপুৰে ৰণবীৰ কাপুৰৰ প্ৰেমিকাৰ ভূমিকা ৰূপায়ণ কৰিছে ৷

লগতে পঢ়কঃচলমান খানৰ অনুৰাগীৰ বাবে বেয়া খবৰ, দীপাৱলীত মুক্তি নহয় "ৰাধে"

ABOUT THE AUTHOR

...view details