চিটাৰা ডেস্ক,10 এপ্ৰিলঃ বলীউড চুপাৰষ্টাৰ চলমান খানৰ এটা শেহতীয়া ভিডিঅ'য়ে খলকনি তুলিছে অনুৰাগীৰ মাজত ৷ ভিডিঅ'টোত অভিনেতা গৰাকীয়ে ৰাতিপুৱাৰ সময়ত নিজৰ ঘোঁৰাটোৰ সৈতে একেলগে ঘাঁহ খোৱা অদ্ভুত দৃশ্যই সকলোকে হাঁহিৰ খোৰাক দিছে ৷ চলমান খানে ঘোঁৰাটোক পাত খুওৱাৰ লগতে নিজেও ঘোঁৰাটোৰ সৈতে চুবাই চুবাই খাইছে পাতখিনি ৷ ভিডিঅ'টোৰ কেপচনত তেওঁ লিখিছে, "মোৰ মৰমৰ ঘোঁৰাটোৰ সৈতে পুৱাৰ আহাৰ ৷" পাতখিনি খাই উঠি চলমান খানে " বহুত ভাল লাগিল " বুলি উল্লেখ কৰে ৷ লগতে ভিডিঅ'টো চাই এনেকুৱা অনুভৱ হয় যে, তেওঁ যথেষ্ট আনন্দ আৰু তৃপ্তিৰে পাতখিনি খাইছে ৷
নিজৰ ঘোঁৰাটোৰ সৈতে একেলগে ঘাঁহ খালে চলমান খানে - salman shares hilarious video
শুকুৰবাৰে চলমান খানে ইনষ্টাগ্ৰাম একাউন্ট যোগে এটা ভিডিঅ' শ্বেয়াৰ কৰে ৷ য'ত চলমান খানে নিজৰ ঘোঁৰাটোৰ সৈতে একেলগে ঘাঁহ খাইছে ৷ ঘোঁৰাটোক পাত খুওৱাৰ লগতে নিজেও চুবাই চুবাই পাতখিনি খাইছে জনপ্ৰিয় অভিনেতাগৰাকীয়ে ৷
![নিজৰ ঘোঁৰাটোৰ সৈতে একেলগে ঘাঁহ খালে চলমান খানে salman shares hilarious video eats leaves for breakfast](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6742391-thumbnail-3x2-a.jpg)
নিজৰ ঘোঁৰাটোৰ সৈতে একেলগে ব্ৰেকফাষ্টত ঘাঁহ খালে চলমান খানে !
বিশ্বৰ এনে আতংকৰ মাজতো এনে কিছু ঘটনাই মানুহক হাঁহিৰ খোৰাক দিয়াৰ লগতে আনন্দিত কৰি ৰাখিছে ৷
লগতে পঢ়কঃক'ভিড-19ৰোধৰ বাবে পুনৰ 3 কোটি টকা দিলে অক্ষয় কুমাৰে