অসম

assam

By

Published : Jan 29, 2020, 8:46 AM IST

ETV Bharat / sitara

গোৱাত নিষিদ্ধ চলমানখান

অনুৰাগীক দুৰ্ব্যৱহাৰ কৰাৰ বাবে গোৱাত এন.এচ.ইউ.আইয়ে নিষিদ্ধ ঘোষণা কৰিলে চুপাৰষ্টাৰগৰাকীক ৷

SALMAN MISBEHAVES WITH FAN, NSUI WANTS HIM BANNED FROM GOA
গোৱাত নিষিদ্ধ চলমানখান

চিটাৰা ডেস্ক,29 জানুৱাৰীঃশেহতীয়াকৈ ভাইৰেল হয় চুপাৰষ্টাৰ চলমান খানৰ এটা ভাইৰেল ভিডিঅ' ৷ য'ত গোৱা বিমানবন্দৰত এজন অনুৰাগী তথা বিমান বন্দৰৰ কৰ্মকৰ্তাই চেল্ফি তোলাৰ প্ৰয়াস কৰোঁতে চলমান খানে তেওঁৰ পৰা মোবাইল কাঢ়ি লোৱা পৰিলক্ষিত হৈছে ৷ ভিডিঅ'টো ভাইৰেল হোৱাৰ পিছতে জাঙুৰ খাই উঠিছে ছাত্ৰ সংগঠনসমূহ ৷

কংগ্ৰেছ দলৰ ছাত্ৰ সংগঠনে এই ক্ষেত্ৰত বিশেষ তৎপৰতা দেখুওৱা পৰিলক্ষিত হৈছে ৷ এন.এচ.ইউ.আইয়ে গোৱাৰ মুখ্যমন্ত্ৰীক আবেদন কৰে যে যেতিয়ালৈকে চলমানখানে অনুৰাগীক কৰা এনে দুৰ্ব্যৱহাৰৰ বাবে ক্ষমা নোখোজে তেতিয়ালৈকে গোৱাত নিষিদ্ধ কৰা হওক অভিনেতাগৰাকীক ৷ সমান্তৰালভাৱে গোৱা বিজেপিৰ সাধাৰণ সম্পাদক আৰু প্ৰাক্তন সাংসদ নৰেন্দ্ৰ চাৱাইকাৰে চলমানখানৰ এনে আচৰণৰ বাবে ক্ষমাৰ দাবী উত্থাপন কৰিছে ৷

ইফালে সমগ্ৰ ঘটনা সন্দৰ্ভত, গোৱা বিমানবন্দৰৰ এজন প্ৰবীন কৰ্মচাৰীয়ে জনোৱা মতে , বিমানবন্দৰৰ কৰ্মচাৰীসকলক ভি.আই.পি অতিথিসকলৰ সৈতে চেল্ফি উঠা প্ৰসংগত পূৰ্বতেই সচেতন কৰা হৈছিল ৷

লগতে পঢ়কঃMan vs Wildত বীয়েৰ গ্ৰীলছৰ সৈতে দেখা যাব চুপাৰষ্টাৰ ৰজনীকান্তক

ABOUT THE AUTHOR

...view details