চিটাৰা ডেস্ক, ১৪ ডিচেম্বৰ: আমিৰ খানৰ 'লাল সিং চদ্দা'ত অতিথি শিল্পী হিচাপে অভিনয় কৰাৰ পিছত এইবাৰ শ্বাহৰুখ খানৰ ছবিত দেখা পোৱা যাব ছলমান খানক । শ্বাহৰুখ খানৰ আগন্তুক ছবি 'পাঠান'ত এটি সৰু চৰিত্ৰ ৰূপায়ণ কৰিব ছলমানে । সিদ্ধাৰ্থ আনন্দে নিৰ্দেশনা কৰা শ্বাহৰুখৰ ছবিখনত অভিনয়ৰ বাবে সেউজ তছ ৰাজ ফিল্মছক সংকেত দিছে ডাবাং ছবিৰ অভিনেতাগৰাকীয়ে ।
শ্বাহৰুখৰ ছবি 'পাঠান'ৰ দৃশ্যগ্ৰহণৰ বাবে ডুবাইলৈ যাব ছলমান - পুনৰ একেখন
পুনৰ একেখন ছবিতে অভিনয় কৰিব ছলমান-শ্বাহৰুখে । শ্বাহৰুখ খানৰ আগন্তুক ছবি 'পাঠান'ত ছুপাৰষ্টাৰ ছলমান খানে 'কৰণ অৰ্জুন' ছবিৰ সহ অভিনেতাগৰাকীৰ সৈতে কাম কৰিব । ডুবাইত একেলগে ছবিৰ দৃশ্যগ্ৰহণ কৰিব দুয়োগৰাকী তাৰকাই ।
শ্বাহৰুখৰ ছবি 'পাঠান'ৰ দৃশ্যগ্ৰহণৰ বাবে ডুবাইলৈ যাব ছলমান
৫৪ বছৰীয়া অভিনেতাগৰাকী বৰ্তমান 'অন্তিম' ছবিৰ দৃশ্যগ্ৰহণত ব্যস্ত হৈ আছে । 'পাঠান' ছবিত ১৫ মিনিটৰ বাবে দেখা পোৱা যাব ছলমানক । শীঘ্ৰেই দৃশ্যগ্ৰহণৰ বাবে ডুবাই অভিমুখে ৰাওনা হ'ব । আন এক সূত্ৰই প্ৰকাশ কৰা মতে, ঋত্বিক ৰোছনেও ছলমানৰ সৈতে 'পাঠান'ত অতিথি শিল্পী হিচাপে দেখা দিব । ছবিখনত জন আব্ৰাহাম আৰু দিপীকা পাডুকণে ভুমুকি মৰাৰো সম্ভাৱনা আছে ।
লগতে পঢ়ক:আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত অসমীয়া ছবি ‘ৰিয়াজ’