অসম

assam

ETV Bharat / sitara

‘ভাই ভাই’ শীৰ্ষক গীতটি শুনিবলৈ নৱপ্ৰজন্মক অনুৰোধ অভিনেতা চলমান খানৰ - ‘ভাই ভাই‘ শীৰ্ষক গীত

বলিউডৰ মেগাষ্টাৰ চলমান খানে কিছুদিন পূৰ্বে ঈদৰ প্ৰাকক্ষণত চ’ছিয়েল মিডিয়াত মুক্তি লাভ কৰা তেওঁৰ কণ্ঠৰে নিগৰা ‘ভাই ভাই‘ শীৰ্ষক গীতটিত দৰ্শকৰ সঁহাৰি পাই অভিভূত হৈ পৰে ৷ লগতে সকলোকে বিশেষকৈ নৱপ্ৰজন্মক একতা ভ্ৰাতৃত্বমূলক গীত শুনিবলৈ আহ্বান জনায় অভিনেতাগৰাকীয়ে ৷

‘ভাই ভাই’ শীৰ্ষক গীতটি শুনিবলৈ নৱপ্ৰজন্মক অনুৰোধ অভিনেতা চলমান খানৰ
‘ভাই ভাই’ শীৰ্ষক গীতটি শুনিবলৈ নৱপ্ৰজন্মক অনুৰোধ অভিনেতা চলমান খানৰ

By

Published : May 28, 2020, 11:55 AM IST

চিটাৰা ডেস্ক, 28 মে’: সাম্প্ৰদায়িক সম্প্ৰীতি আৰু ভ্ৰাতৃত্বৰ ওপৰত ৰচিত নিজ কণ্ঠৰে নিগৰা ‘ভাই ভাই’ শীৰ্ষক গীতটি কিছুদিন পূৰ্বে মুকলি কৰাৰ পিছত বলিউডৰ ভাইজান চলমান খানে নৱপ্ৰজন্মক এই গীতটি শুনিবলৈ আহ্বান জনায় ৷

চুলতান চলমান খানে চ’ছিয়েল মিডিয়াযোগে গীতটিৰ এখন পোষ্টাৰ শ্বেয়াৰ কৰি তেওঁৰ অনুৰাগীসকলক ধন্যবাদ জ্ঞাপন কৰে ৷ 3 মিনিট 55 ছেকেণ্ডৰ এই গীতটিয়ে ভ্ৰাতৃত্ববোধৰ এক বাৰ্তা প্ৰেৰণ কৰিছে ৷ লগতে বিভিন্ন ধৰ্মৰ লোকসকলৰ মাজত একতাৰ বাৰ্তা প্ৰেৰণ কৰা হৈছে ৷

উল্লেখ্য যে, লক ডাউনৰ সময়ছোৱাত মেগাষ্টাৰ চলমান খানে মুকলি কৰা ‘ভাই ভাই’ হৈছে তৃতীয়টি গীত ৷ ইয়াৰ পূৰ্বে তেওঁ ‘প্যাৰ কৰোনা’ আৰু ‘তেৰে বিন’ শীৰ্ষক গীত দুটি মুকলি কৰিছিল ৷

লগতে পঢ়ক: ব্লকবাষ্টাৰ ‘অমৰ আকবৰ এন্থোনী’ৰ 43 বৰ্ষপূৰ্তি

ABOUT THE AUTHOR

...view details