অসম

assam

ETV Bharat / sitara

ফুড ট্ৰাকৰ জৰিয়তে দৰিদ্ৰজনক খাদ্য বিতৰণ চলমান খানৰ - salman khan food truck being haangryy

সহায়ৰ ক্ষেত্ৰত সদায়েই আগুৱাই অহা চলমান খানে এই কৰ'ণা মহামাৰীৰ সময়তো আগবাঢ়ি আহিছে দৰিদ্ৰজনক সহায় কৰিবলৈ ৷ লক্ ডাউনৰ সময়চোৱাত দৰিদ্ৰজনক খাদ্য বিতৰণ কৰিবৰ বাবে হেচ টেগ #being haangry নামেৰে এটা নতুন পদক্ষেপ গ্ৰহণ কৰিছে ৷ এই প্ৰচেষ্টাৰ জৰিয়তে চহৰখনৰ বিভিন্ন ঠাইত খাদ্য বিতৰণ কৰাৰ প্ৰচেষ্টা গ্ৰহণ কৰিছে অভিনেতাগৰাকীয়ে ৷

salman khan food truck being haangryy for unprivileged amid lockdown
ফুড ট্ৰাক আৰম্ভ কৰি দৰিদ্ৰজনক খাদ্য বিতৰণ চলমান খানৰ

By

Published : May 7, 2020, 2:45 PM IST

চিটাৰা ডেস্ক,7 মে'ঃবলীউডৰ ভাইজান হিচাপে পৰিচিত চুপাৰষ্টাৰ চলমান খান সদায়েই আগুৱাই আহে সহায়ৰ ক্ষেত্ৰত ৷ কৰ'ণা মহামাৰীৰ এই ত্ৰাসৰ সময়তো দৰিদ্ৰজনক সহায় কৰিবলৈ আগুৱাই আহিছে চলমান খান ৷ আৰম্ভ কৰিছে ফুড ট্ৰাকৰ ব্যৱস্থা ৷

অভিনেতাগৰাকীয়ে #Beinghaangryy নামেৰে দৰিদ্ৰ জনসাধাৰণৰ মাজত খাদ্য বিতৰণৰ বাবে গ্ৰহণ কৰিছে এক নতুন পদক্ষেপ ৷ এই ফুড ট্ৰাকৰ জৰিয়তে চহৰ খনৰ গলিয়ে গলিয়ে খাদ্য বিতৰণ কৰিছে দৰিদ্ৰ ৰাইজক ৷

জনপ্ৰিয় অভিনেতাজনৰ এনেধৰণৰ পদক্ষেপে পুনৰবাৰ হৃদয় জয় কৰিলে অনুৰাগীসকলৰ ৷ শেহতীয়াকৈ ছ'চিয়েল মিডিয়াৰ জৰিয়তে ভাইৰেল হৈ পৰিছে চলমান খানৰ এই বিশেষ ফুড ট্ৰাকৰ ভিডিঅ' ৷ উল্লেখ্য যে, ইয়াৰ পূৰ্বে অভিনেতাগৰাকীয়ে ছবি উদ্যোগৰ 25 হাজাৰ দৈনিক শ্ৰমিকৰ বেংক একাউন্টত অনুদান প্ৰদান কৰিছিল ৷

এইখিনিতে জনাই থওঁ যে, বৰ্তমান সময়ত চুপাৰষ্টাৰগৰাকী পানৱেলস্থিত তেওঁৰ ফাৰ্ম হাউচত পৰিয়ালৰ সদস্যৰ সৈতে কোৱাৰেন্টাইনত আছে ৷

For All Latest Updates

ABOUT THE AUTHOR

...view details