চিটাৰা ডেস্ক , 1 ছেপ্তেম্বৰ :ক্ৰমাৎ সুস্থিৰ হৈছে শ্বায়েৰা বানু(Saira Banu)ৰ স্বাস্থ্য ৷ চলিত সপ্তাহৰ আৰম্ভণিতে নিম্ন ৰক্তচাপজনিত সমস্যাৰ বাবে চিকিৎসালয়ৰ ইনটেনচিভ কেয়াৰ ইউনিট(ICU)ত প্ৰবীণ অভিনেত্ৰীগৰাকীক ভৰ্তি কৰোৱা হৈছিল ৷ হাস্পতাল কৰ্তৃপক্ষই বুধবাৰে জানিবলৈ দিয়া মতে, বৰ্তমান শ্বায়েৰা বানুৰ স্বাস্থ্যক লৈ চিন্তিত হোৱাৰ কোনো কাৰণ নাই ৷
লগতে পঢ়ক :দিলীপ কুমাৰৰ দেহাৱসান: প্ৰকৃত ইউছুফ ছৰৱাৰ খানৰ বিষয়ে চমু আভাস
বিগত জুলাই মাহত স্বামী দিলীপ কুমাৰক হেৰুওৱা 77 বৰ্ষীয় অভিনেত্ৰীগৰাকীক তিনিদিন পূৰ্বে Khar Hinduja hospitalত ভৰ্তি কৰোৱা হৈছিল ৷ মঙলবাৰে অভিনেত্ৰীগৰাকীৰ সৈতে বাৰ্তালাপ কৰা বুলি জানিবলৈ দি হাস্পতাল কৰ্তৃপক্ষই বৰ্তমান বানুৰ স্বাস্থ্য ভাল আৰু চিন্তাৰ কোনো কাৰণ বুলি সদৰী কৰে ৷ অভিনেত্ৰীগৰাকীৰ ক'ভিড পৰীক্ষাৰ ফলাফল নিগেটিভ আহিছে যদিও কৰ'ণা অতিমাৰীসৃষ্ট পৰিৱেশৰ পৰিপ্ৰেক্ষিতত তেখেতক আইশ্বলেশ্বনত ৰখা হৈছিল বুলি হাস্পতাল কৰ্তৃপক্ষই অৱগত কৰে ৷