চিটাৰা ডেস্ক,15 জানুৱাৰীঃ আহি আছে বলীউডৰ নৱাবৰ নতুন ছবি জাৱানী জানেমন ৷ অভিনেতা চেইফ আলি খানে মঙলবাৰে নিজৰ আহিবলগীয়া ছবি জাৱানী জানেমনৰ বিষয়ে বহু কথাই জনালে দৰ্শকক ৷ পিতৃৰ দ্বায়িত্বভাৰ লৈ আহি আছে চেইফ আলি খান ৷ কাৰণ জাৱানী জানেমন ছবিখনত এজন পিতৃৰ চৰিত্ৰত অভিনয় কৰিছে চেইফ আলি খানে ৷ ছবিখনত এক অভিনৱৰূপত দেখিবলৈ পাব বলীউডৰ নৱাব গৰাকীক ৷
চেইফ আলি খানৰ মতে," ছবিখন এজন ব্যক্তিৰ বয়স, নিজৰ দ্বায়িত্ব আৰু জীৱন যাত্ৰাক গ্ৰহণ কৰিবলৈ শিকাৰ কাহিনীৰ ওপৰত আধাৰিত ৷ মোৰ অনুভৱ হয় পিতৃ আমাৰ জীৱনৰ যথেষ্ট গুৰুত্বপূৰ্ণ অংশ ৷ কিন্তু বহু পিতৃয়ে নিজৰ পিতৃত্বৰ দ্বায়িত্ব গ্ৰহণৰ ক্ষেত্ৰত যথেষ্ট খেলিমেলি কৰে ৷ বহুতে এনেকুৱা সন্তান জন্ম দিয়ে যাক বহুত যত্ন আৰু থেৰাপিৰ প্ৰয়োজন থাকে ৷ তেওঁলোকক এজন বন্ধুৰ দৰে বুজি সমস্যা সমাধান কৰাটো জৰুৰী ৷ কিন্তু বহু পিতৃয়ে এই দ্বায়িত্ব গ্ৰহণ কৰিব পৰাকৈ সমৰ্থ নহয় ৷"