অসম

assam

ETV Bharat / sitara

এছ এছ ৰাজামৌলীৰ "RRR" নতুন পোষ্টাৰ মুকলি

ছবি নিৰ্মাতা এছ এছ ৰাজামৌলী (S S Rajamouli) ৰ আগন্তুক ছবি "RRR" নতুন পোষ্টাৰ মুকলি । পোষ্টাৰখনত তেলেগু ছবি জগতৰ তাৰকা ৰাম চৰণ (Ram charan) আৰু জুনিয়ৰ এন টি আৰে (Junior NTR) বাইক চলাই গৈ থকা দেখা গৈছে ।

By

Published : Jun 29, 2021, 1:55 PM IST

RRR's makers have dropped a new poster of the film
এছ এছ ৰাজামৌলীৰ "RRR" নতুন পোষ্টাৰ মুকলি

চিটাৰা ডেস্ক, ২৯ জুন: "RRR"ৰ কাম পূৰ্ণ গতিত চলি থকাৰ সংকেত দি ছবি নিৰ্মাতাই শেহতীয়াকৈ এখন নতুন পোষ্টাৰ মুকলি কৰিছে । ছবি নিৰ্মাতা এছ এছ ৰাজামৌলী (S S Rajamouli)ৰ বহু প্ৰতীক্ষিত ছবিখনৰ নতুন পোষ্টাৰে ছবিখনক লৈ দৰ্শকৰ কৌতুহল বৃদ্ধি কৰিছে । পোষ্টাৰখনত তেলেগু ছবি জগতৰ তাৰকা ৰাম চৰণ (Ram charan) আৰু জুনিয়ৰ এন টি আৰে (Junior NTR) বাইক চলাই গৈ থকা দেখা গৈছে । মঙলবাৰে পুৱা, "RRR"ৰ নিৰ্মাতাই ছ'চিয়েল মিডিয়াত ছবিখনৰ কামৰ অগ্ৰগতিৰ বিষয়ে এক আপডেট শ্বেয়াৰ কৰে ।

ছবিখনৰ অফিচিয়েল হেণ্ডেলৰ জৰিয়তে নিৰ্মাতাসকলে এখন নতুন পোষ্টাৰ শ্বেয়াৰ কৰিছে । লগতে ছবিখনৰ কাম দ্ৰুত গতিত আগবাঢ়িছে বুলিও ছবি নিৰ্মাতাই উল্লেখ কৰিছে । পোষ্টটোৰ শিৰোনামটোৱে ছবিখনৰ দুটা গানৰ বাহিৰে দৃশ্যগ্ৰহণৰ মুখ্য অংশ সম্পূৰ্ণ হোৱাৰে ইংগিত বহন কৰিছে । কেইবাটাও ভাষাত মুক্তি পাবলগীয়া ছবিখনৰ ডাবিং অংশৰ বিষয়ত নিৰ্মাতাসকলে প্ৰকাশ কৰিছে যে, ইতিমধ্যে দুটা ভাষাৰ ডাবিং সম্পূৰ্ণ কৰা হৈছে আৰু বাকীবোৰো শীঘ্ৰেই সম্পূৰ্ণ হ'ব ।

ছবিখনত দক্ষিণ ভাৰতৰ ছবি জগতৰ ৰাম চৰণ (Ram charan) আৰু জুনিয়ৰ এন টি আৰ (Junior NTR)ৰ উপৰিও বলীউড অভিনেত্ৰী আলিয়া ভাট (Alia Bhat), অজয় দেৱগন (Ajay Devgan) আৰু ব্ৰিটিছ অভিনেত্ৰী অলিভিয়া মৰিছেও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে ।

"RRR" স্বাধীনতাৰ সময়ৰ পটভূমিত নিৰ্মিত ছবি । স্বাধীনতা সংগ্ৰামী কোমাৰাম ভীম আৰু আল্লুৰী সীতা ৰামাৰাজুৰ জীৱন কাহিনীক লৈ ছবিখন নিৰ্মাণ কৰা হৈছে । ছবিখন ১৩ অক্টোবৰত বিশ্বজুৰি মুক্তি দিয়া হ'ব বুলি আশা কৰা হৈছে । তেলেগু, তামিল, হিন্দী, মালায়ালম, কানাড়া আৰু আন কেইবাটাও ভাৰতীয় ভাষাত মুক্তি দিয়া হ'ব "RRR" ।

এই বহুভাষিক ছবিখন মুঠ ৪৫০ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা হৈছে বুলি জানিব পৰা গৈছে ৷ বাহুবলী ছবিৰ পৰিচালক এছ এছ ৰাজামৌলী (S S Rajamouli)ৰ এই ছবিখন পূৰ্বে ৩০ জুলাইত মুক্তি দিয়াৰ কথা আছিল ৷

লগতে পঢ়ক:ছবি নিৰ্মাণৰ পাঠ্যক্ৰম এৰি অভিনয় কৰিবলৈ মন মেলিছে বাবিল খানে

ABOUT THE AUTHOR

...view details