চিটাৰা ডেস্ক,6 আগষ্টঃ ছবি নিৰ্মাতা ৰোহিত চেট্টীয়ে বলীউডৰ চলচ্চিত্ৰ কৰ্মচাৰীসকলক সহায় কৰিবৰ বাবে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ৷খতৰ' কে খিলাড়ীৰ ঘোষক ৰোহিত চেট্টীয়ে শেহতীয়াকৈ খতৰ'কে খিলাড়ীৰ বিশেষ অডিচনৰ পৰা পোৱা নিজৰ পাৰিশ্ৰমিকৰ এটা অংশ বিলাব জুনিয়ৰ শিল্পী, বেকগ্ৰাউণ্ড ডাঞ্চাৰ, ষ্টান্টমেন, লাইটমেন আৰু শ্ৰমিকসকলৰ মাজত ৷ এই টকাখিনি তেওঁ কৰ্মীসকলৰ একাউন্টত ট্ৰেঞ্চফাৰ কৰিব ৷
জনাই থওঁ যে, দেওবাৰে তেওঁ খতৰ' কে খিলাড়ীঃমেড ইন ইণ্ডিয়ানামৰ বিশেষ সংস্কৰণৰ শ্বুটিং আৰম্ভ কৰিছিল ৷ বিগত বৰ্ষত বিদেশত হৈছিল এই ৰিয়েলিটী শ্ব'ৰ শ্বুটিং, কিন্তু এইবাৰ সম্পূৰ্ণ চিজনটোৰ শ্বুটিং মুম্বাইতে হ'ব ৷