অসম

assam

By

Published : Feb 19, 2020, 5:26 PM IST

Updated : Feb 19, 2020, 8:04 PM IST

ETV Bharat / sitara

ৰোহিত চেট্টীয়ে কি ক'লে সূৰ্যবংশী আৰু চট্টে পে চট্টাৰ ৰি-মেক সন্দৰ্ভত

সূৰ্যবংশীৰ পিছত ৰোহিত চেট্টীয়ে প্ৰস্তুত কৰিব চট্টে পে চট্টাৰ ৰি-মেক ৷

Rohit Shetty
ৰোহিত চেট্টী

চিটাৰা ডেস্ক,19 ফেব্ৰুৱাৰীঃ ছবি নিৰ্মাতা ৰোহিত চেট্টী সম্প্ৰতি ব্যস্ত সূৰ্যবংশীৰ শ্বুটিঙৰ কামত ৷ ছবি নিৰ্মাতা ৰোহিত চেট্টীয়ে 2010 চনত নিৰ্মাণ কৰিছিল সিংঘম ছবিখন ৷ সিংঘমত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল জনপ্ৰিয় অভিনেতা অজয় দেৱগনে ৷ 2014 চনত সিংঘমৰ চিকুৱেল হিচাপে নিৰ্মাণ হৈছিল চিম্বা, য'ত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল ৰণবীৰ সিঙে ৷

সূৰ্যবংশী

ৰোহিত চেট্টীয়ে এনেদৰে পুলিচধৰ্মী ছবিৰ চিকুৱেল আগবঢ়াই আপ্লুত কৰি আহিছে দৰ্শকসকলক ৷ সূৰ্যবংশী সন্দৰ্ভত ৰোহিত চেট্টীয়ে জনাই যে, তেওঁৰ এই ছবিখনৰ যোগেদি এক নতুন ধৰণৰ পুলিচৰ চৰিত্ৰ নিৰূপন কৰিছে ৷ নিৰ্দেশকজনে সূৰ্যবংশীৰ উপৰিও নিৰ্মাণ কৰিব চট্টে পে চট্টা ছবিখনৰ ৰিমেক ৷ তেওঁ কয়, "এই ৰিমেক সংস্কৰণ আন ছবিতকৈ সম্পূৰ্ণৰূপে পৃথক হ'ব ৷ আমি এই ক্ষেত্ৰত এতিয়াও কাম কৰি আছো ৷ ফাৰাহখানে ইয়াৰ স্ক্ৰিপ্ট লিখি আছে ৷ আমি খতৰৌ কে খিলাড়ী, সূৰ্যবংশী আৰু তাৰ পিছত এই প্ৰডাকচনৰ কাম কৰিব ৷"

নিৰ্দেশকগৰাকী এইবাৰ এক বিশেষ ৰূপত সাজু হৈছে জনপ্ৰিয় ৰিয়েলিটি শ্ব' খতৰৌ কে খিলাড়ীৰ ছিজন-10ৰ বাবে ৷ ফেব্ৰুৱাৰী মাহৰ 22 তাৰিখৰ পৰা কালাৰ্ছ চেনেলত সম্প্ৰচাৰিত হ'ব ৰোহিত চেট্টীৰ দ্বাৰা পৰিচালিত হ'ব এই বিশেষ ৰিয়েলিটী শ্ব'টো ৷

লগতে পঢ়কঃ ছবি ‘83’ৰ পৰা দীপিকা পাডুকনৰ প্ৰথমটো লুক শ্বেয়াৰ

Last Updated : Feb 19, 2020, 8:04 PM IST

ABOUT THE AUTHOR

...view details