চিটাৰা ডেস্ক, 10 জুলাই : পুৰ্ণিয়াৰ নিবাসী সদ্য় প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ নামত পথ উদ্বোধন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন পুৰ্ণিয়া বাসিন্দাৰ । পুৰ্ণিয়াৰ পৌৰ নিগমৰ মেয়ৰ সবিতা দেৱীয়ে উদ্বোধন কৰে নতুন পথটো । শুকুৰবাৰে মেয়ৰ সবিতা দেৱীৰ সভাপতিত্বত পৌৰ নিগমৰ স্থানীয় কমিটিৰ সদস্য়ৰ সৰ্ব সন্মতিক্ৰমে গৃহিত কৰা হয় এই প্ৰস্তাৱ ।
তেওঁ কয় যে, আমি জানো ৰাস্তা বা কোনো ঠাইৰ নাম সলনি কৰাটো এটা দীঘলিয়া প্ৰক্ৰিয়া । কিন্তু আমি এই প্ৰক্ৰিয়াটো আৰম্ভ কৰিব লাগিব আৰু সেই বাবেই আমি এইটো কাৰ্যকৰী কৰিছো ।
উল্লেখ্য যে, পৌৰ নিগমৰ স্থায়ী সমিতিয়ে ডলাৰ হাউছৰ পৰা মাতা চৌক আৰু ফ'ৰ্ড কোম্পানী চৌকলৈ যোৱা পথ সদ্য় প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ নামেৰে নামাকৰণ কৰে ।