অসম

assam

ETV Bharat / sitara

আদালতত বিয়াৰ আবেদন দাখিল ৰিশা চড্ডা আৰু আলি ফেজলৰ

বিগত চাৰি বছৰ ধৰি প্ৰেমৰ সম্পৰ্কত আছে ৰিশা চড্ডা আৰু আলি ফেজল ৷ এইবাৰ দুয়োৱে গ্ৰহণ কৰিছে বিয়াৰ সিদ্ধান্ত ৷ এপ্ৰিলৰ শেষৰ ফালে দুয়ো আৱদ্ধ হ'ব বিবাহপাশত ৷ ইতিমধ্যে দুয়োৱে মুম্বাইৰ এখন আদালতত বিবাহৰ পঞ্জীয়নৰ বাবে আবেদন কৰিছে ৷

By

Published : Feb 28, 2020, 3:08 PM IST

Richa,Ali Fazal apply for marriage registration
আদালতত বিয়াৰ আবেদন দাখিল ৰিশা আৰু আলি ফেজলৰ

চিটাৰা ডেস্ক,28 ফেব্ৰুৱাৰীঃ এপ্ৰিল মাহৰ অন্তিম সপ্তাহত বিবাহৰ বান্ধোনত বান্ধ খাব তাৰকা দম্পতী ৰিশা চড্ডা আৰু আলি ফেজল ৷ জানিব পৰা মতে, তাৰকা প্ৰেমিক যুগলে ইতিমধ্যে মুম্বাইৰ এখন আদালতত বিবাহৰ পঞ্জীয়নৰ বাবে আবেদন কৰিছে ৷

কথাটো জনাৰ পিছৰে পৰা উৎসাহী হৈ পৰিছে তাৰকা দুগৰাকীৰ অনুৰাগীসকল ৷ সকলোৱে এতিয়া আগ্ৰহেৰে বাট চাইছে দুয়োৰে বিবাহলৈ ৷ অন্যান্য তাৰকা দম্পতিৰ দৰেই আলী আৰু ৰিশাইও তিনিটাকৈ বিবাহ অভ্যৰ্থনা অনুষ্ঠান আয়োজন কৰিব ৷ লক্ষ্ণৌ আৰু দিল্লীত দুয়োটা পৰিয়ালৰ আত্মীয়-স্বজন , বন্ধু-বান্ধৱৰ বাবে আৰু মুম্বাইত দুয়োৰে বন্ধু-বৰ্গৰ বাবে আয়োজন কৰিব বিবাহ অভ্যৰ্থনা অনুষ্ঠান ৷ এইখিনিতে উল্লেখনীয় যে, ৰিশা আৰু আলীয়ে 'Fukrey' ছবিখনৰ জৰিয়তে ইজনে সিজনৰ কাষ চাপিছিল আৰু তেতিয়াৰ পৰাই চাৰিবছৰ জুৰি দুয়োৰে মাজত চলি আছে প্ৰেমৰ সম্পৰ্ক ৷

লগতে পঢ়কঃ তামিল একচন থ্ৰীলাৰ ছবি কেথীৰ হিন্দী ৰি-মেকত অজয় দেৱগন

ABOUT THE AUTHOR

...view details