চিটাৰা ডেস্ক, ২৩ জুন: অভিনেতা সুশান্ত সিং ৰাজপুত (Sushant Singh Rajput)ৰ মৃত্যুৰ পিছৰে পৰা কেইবা মাহো ধৰি ছ'চিয়েল মিডিয়াৰ পৰা আঁতৰি থকাৰ পিছত নিয়মীয়াকৈ ছ'চিয়েল মিডিয়াত সক্ৰিয় হৈ পৰিছে অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তী (Rhea Chakraborty) । শেহতীয়া ছ'চিয়েল মিডিয়া পোষ্টত ৰিয়াই 'উৰিবলৈ' শিকিবলৈ আৰু 'ধুমুহা'ৰ বিষয়ে উল্লেখ কৰিছে । মঙলবাৰে নিশা ৰিয়াই ইনষ্টাগ্ৰামত দুটা পোষ্ট শ্বেয়াৰ কৰে ।
এই পোষ্ট দুটাৰ জৰিয়তে ৰিয়াই সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত তেওঁ আৰু তেওঁৰ পৰিয়ালে সন্মুখীন হোৱা সংকটপূৰ্ণ পৰিস্থিতিৰ পৰা ওলাই আহিবলৈ তেওঁৰ ইচ্ছা থকাৰ ইংগিত দিয়ে । শৈশৱৰ এখন ফটো শ্বেয়াৰ কৰি ৰিয়াই লিখিছে, "মই ভাৱিছিলো যে মায়ে মোক খোজ কাঢ়িবলৈ শিকাইছে, কোনে জানিছিল যে মই উৰিবলৈ শিকিম" । আন এটা পোষ্টত ৰিয়াই নিজৰ জীৱনলৈ অহা বিপদবোৰ দূৰ কৰি পুনৰ এটা সুন্দৰ জীৱন যাপন কৰাৰ আশা প্ৰকট কৰি লিখিছে যে, ৰাতিপুৱাৰ আগতে সদায় আন্ধাৰ থাকে ।
ইফালে, ৰিয়াই পোষ্টত যি ধুমুহাৰ কথা কৈছে, সেয়া স্পষ্টতঃ ২০২০ চনৰ ১৪ জুনত মুম্বাইৰ এপাৰ্টমেণ্টত সুশান্তক মৃত অৱস্থাত পোৱাৰ পিছত তেওঁৰ ওপৰত চলা মানসিক আক্ৰমণ কথা কৈছে ।