অসম

assam

ETV Bharat / sitara

ৰিয়াৰ ওচৰত সুশান্তৰ কি সম্পত্তি আছে দেখুৱালে, ৰিয়াই..... - ৰিয়াৰ অধিবক্তা সতীশ মানচিণ্ডে

ED বিষয়ববীয়াই টকা পইচাৰ লেনদেন সন্দৰ্ভত ৰিয়া চক্ৰৱৰ্তীক সোধ-পোচ কৰাৰ এদিন পিছতে,অভিনেত্ৰীগৰাকীয়ে এখন ফটো শ্বেয়াৰ কৰি লিখে,মোৰ ওচৰত থকা সুশান্তৰ একমাত্ৰ সম্পত্তি ৷ ইফালে ৰিয়াৰ অধিবক্তা সতীশ মানচিণ্ডেও ৰিয়াৰ নোটবুকত সুশান্তই লিখা কৃতজ্ঞতা সূচীৰ এখন ফটো শ্বেয়াৰ কৰে ৷

Rhea Chakraborty reveals owning 'only property of Sushant'
ৰিয়াৰ ওচৰত সুশান্তৰ কি সম্পত্তি আছে দেখুৱালে, ৰিয়াই.

By

Published : Aug 9, 2020, 2:54 PM IST

চিটাৰা ডেস্ক,9 আগষ্টঃ অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীয়ে তেওঁৰ বয়ফ্ৰেণ্ড তথা জনপ্ৰিয় তাৰকা সুশান্ত সিং ৰাজপুতৰ সম্পত্তিৰ কথা প্ৰকাশ কৰি ছ'চিয়েল মিডিয়া যোগে এটা প'ষ্ট শ্বেয়াৰ কৰে ৷ সুশান্তৰ এটা চিপাৰ বটল দেখুৱাই অভিনেত্ৰীগৰাকীয়ে লিখে,তেওঁৰ ওচৰত থকা সুশান্তৰ একমাত্ৰ সম্পত্তি সেই বটলটো ৷

ৰিয়াৰ মতে তেওঁৰ ওচৰত থকা সুশান্তৰ একমাত্ৰ সম্পত্তি

ইফালে অভিনেত্ৰীগৰাকীৰ অধিবক্তা সতীশ মানচিণ্ডে ৰিয়াৰ নোটবুকত সুশান্তই লিখা কৃতজ্ঞতা সূচীৰ এখন ফটো শ্বেয়াৰ কৰে ৷

নোটবুকখনত অভিনেতাগৰাকীয়ে উল্লেখ কৰে যে,তেওঁৰ জীৱনত ৰিয়া আৰু ৰিয়াৰ পৰিয়ালৰ উপস্থিতিৰ বাবে যথেষ্ট কৃতজ্ঞ অভিনেতাগৰাকী ৷

কৃতজ্ঞতা সূচী

নোটবুকখনত লিলু বুলি ৰিয়াৰ ভাতৃৰ কথা,বেবু বুলি ৰিয়াৰ কথা,ছাৰ বুলি ৰিয়াৰ পিতৃৰ কথা আৰু মেম বুলি ৰিয়াৰ মাতৃ কথা উল্লেখ কৰিছে বুলি জানিবলৈ দিছে ৷

লগতে পঢ়কঃক্ৰমাৎ সুস্থ হৈ উঠিছে অভিনেতা সঞ্জয় দত্ত

ABOUT THE AUTHOR

...view details