নিউজ ডেস্ক, 10 আগষ্ট : অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ED য়ে ৷ অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ লগতে ৰিয়াৰ ভাতৃ সৌৱিক চক্ৰৱৰ্তী আৰু পিতৃ ইন্দ্ৰজিৎ চক্ৰৱৰ্তী সোমবাৰে উপস্থিত হয় ED ৰ মুম্বাইস্থিত কাৰ্যালয়ত ৷ য‘ত তেওলোকক সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা সন্দৰ্ভত সোধপোছ কৰিব ED য়ে ৷
তদুপৰি ৰিয়া আৰু ৰিয়াৰ পিতৃৰ ইতিপূৰ্বে শুকুৰবাৰে ED য়ে সোধপোছ কৰে ৷ ৰিয়াৰ ভাতৃ সৌৱিকক আজি তৃতীয়বাৰৰ বাবে সোধপোছ কৰিব ED য়ে ৷ উল্লেখ্য যে,শুকুৰবাৰে ৰিয়াক 8 ঘণ্টা ধৰি সুশান্তৰ আত্মহত্যা সন্দৰ্ভত সোধপোছ কৰা হৈছিল ৷
প্ৰয়াত অভিনেতাজনৰ প্ৰাক্তন মেনেজাৰ শ্ৰুতি মোদীও সোধাপোছাৰ বাবে উপস্থিত হয় ৷