চিটাৰা ডেস্ক, 23 ফ্ৰেব্ৰুৱাৰী : ভগ্ন হৃদয়ৰ টুকুৰাবোৰ সামৰি লৈ ৰিয়া চক্ৰৱৰ্তীয়ে ‘rhenewing’ পদ্ধতিৰে আৰম্ভ কৰিছে জীয়াই থকাৰ আখৰা (Rhea Chakraborty on living in present) ৷ জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ ৰহস্যজনক মৃত্যুৰ পিছৰে পৰা নানা বিতৰ্কৰে সাঙোৰ খাই আছিল ৰিয়াৰ নাম ৷
টেলিভিছন জগতৰ জনপ্ৰিয় অভিনেতা সুশান্তে ৰূপালী পৰ্দাত ভৰি দিয়েই প্ৰেমত পৰিছিল ৰিয়া চক্ৰৱৰ্তীৰ ৷ খবৰ অনুসৰি, ৰিয়াৰ বাবেই অংকিতাৰ সৈতে সম্পৰ্ক শেষ কৰিছিল সুশান্তে ৷ কিন্তু ৰিয়াৰ সৈতে সম্পৰ্ক আৰম্ভ হোৱাৰ পিছৰে পৰাই সকলোৰে পৰা আঁতৰ হৈ পৰিছিল সুশান্ত ৷
ক’ৰণাই ভূমূকি মৰা 2020 চনৰ 14 জুনত নিজৰ থকা ঘৰতে উদ্ধাৰ হৈছিল সুশান্তৰ মৃতদেহ ৷ তাৰ পিছৰে পৰাই সামাজিক মাধ্যমৰ পৰা আঁতৰি আছিল ৰিয়া ৷ লোকচক্ষুৰ আগত একেবাৰে শেষ হৈ পৰিছিল এগৰাকী অভিনেত্ৰী হিচাপে ৰিয়াৰ প্ৰতিচ্ছবি ৷