অসম

assam

ETV Bharat / sitara

কৰ'ণা টেষ্ট কৰিবৰ বাবে অমান্তি হ'ল ৰেখা - ৰেখাৰ বাসগৃহটোৰ নিৰাপত্তাৰক্ষীৰ শৰীৰত কৰ'ণা

ৰেখাৰ বাসগৃহটোৰ নিৰাপত্তাৰক্ষীৰ শৰীৰত ধৰা পৰিছিল কৰ'ণা ভাইৰাছ ৷ ইয়াৰ পিছতে ছিল কৰা হৈছিল ৰেখাৰ বাসগৃহ ৷ ইফালে বী.এম.চিৰ মানুহে ৰেখাৰ কৰ'ণা টেষ্ট কৰিব বিচাৰিছিল ৷ কিন্তু অমান্তি হৈছিল অভিনেত্ৰীগৰাকী , কেৱল টেষ্টৰ বাবে অমান্তি হোৱাই নহয় ঘৰৰ ভিতৰভাগ বী.এম.চিৰ দ্বাৰা চেনিটাইজ কৰিবলৈ অমান্তি হৈছিল অভিনেত্ৰীগৰাকী ৷

rekha unwilling to get tested for Covid 19
কৰ'ণা টেষ্ট কৰিবৰ বাবে অমান্তি হ'ল ৰেখা

By

Published : Jul 15, 2020, 3:27 PM IST

চিটাৰা ডেস্ক,15 জুলাইঃ মুম্বাইত ক্ৰমাণ্বয়ে বৃদ্ধি হৈয়ে আছে কৰ'ণা সংক্ৰমণৰ সংখ্যা ৷ এনেকুৱাতে বলীউড তথা টিভি জগতৰ বহু তাৰকাৰ শৰীৰত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ অৱস্থিতি ৷ শেহতীয়াকৈ ৰেখাৰ বাসগৃহটোৰ নিৰাপত্তাৰক্ষীৰ শৰীৰত ধৰা পৰিল কৰ'ণা সংক্ৰমণ ৷ ইয়াৰ পিছতে কন্টেইনমেন্ট জ'ন ঘোষণা কৰা হৈছিল ৰেখাৰ বাসগৃহটো ৷

কৰ'ণা টেষ্ট কৰিবৰ বাবে অমান্তি হ'ল ৰেখা

ইফালে সুৰক্ষাৰ দিশটোলৈ লক্ষ্য কৰি বী.এম.চিৰ দল উপস্থিত হৈছিল ৰেখাৰ বাসগৃহত ৷ ৰেখাৰ কৰ'ণা টেষ্ট কৰিবলৈ বী.এম.চিৰ দলটো ৰেখাৰ ঘৰ গৈছিল যদিও ৰেখা অমান্তি হৈছিল কৰ'ণা টেষ্ট কৰাবৰ বাবে ৷ কেৱল সেয়াই নহয় তেওঁ ঘৰৰ ভিতৰত চেনিটাইজ কৰিবলৈও দিয়া নাছিল বী.এম.চিক ৷

সেয়ে উপায়ন্তৰ হৈ বী.এম.চিয়ে কেৱল ৰেখাৰ ঘৰৰ বাহিৰ অংশই চেনিটাইজ কৰি থৈ যায় ৷

জনাই থওঁ যে, বলীউড আৰু টি.ভি জগতৰ বহু তাৰকাৰ উপৰিও তাৰকাৰ বহু কৰ্মচাৰীৰ শৰীৰত ধৰা পৰিছে কৰ'ণা সংক্ৰমণ ৷ ইয়াৰে কিছু সংখ্যকৰ হাস্পতালত চিকিৎসা চলি আছে আৰু কিছু সংখ্যক নিজৰ ঘৰতে কোৱাৰেন্টাইন হৈ আছে ৷

লগতে পঢ়কঃ COVID-19ৰ পৰা হাত সাৰিবৰ বাবে ঘৰতেই শ্বুটিং কৰিলে ৰবীনা টেণ্ডনে

ABOUT THE AUTHOR

...view details