চিটাৰা ডেস্ক, ২০ জানুৱাৰী: তামিল ছবি 'বিক্ৰম বেধা'ৰ হিন্দী ৰিমেকত দেখা পোৱা যাব বলীউড অভিনেতা ছৈফ আলী খান আৰু ঋত্বিক ৰোছনক । ২০১৭ চনত মুক্তি লাভ কৰা তামিল ছবিখনে দৰ্শকৰ বিপুল সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছিল । 'বিক্ৰম বেধা'ত ছৈফে এগৰাকী আদৰ্শৱান আৰক্ষী বিষয়াৰ চৰিত্ৰ ৰূপায়ণ কৰিব । ছৈফে কৈছে যে, এই চৰিত্ৰটোৱে এক পৰিৱৰ্তন আনিব । কিয়নো, শেহতীয়া কেইবাখনো ছবিত ছৈফক খলনায়কৰ ৰূপত দেখা গৈছে । এইবাৰ ভাল ব্যক্তিৰ চৰিত্ৰ ৰূপায়ণ কৰিব বুলি মন্তব্য কৰিলে ছৈফে ।
তামিল ছবি 'বিক্ৰম বেধা'ৰ হিন্দী ৰিমেকত অভিনয় কৰিব ছৈফ আলী খানে - ছৈফ আলী খান
বলীউড অভিনেতা ছৈফ আলী খানে তামিল ছবি 'বিক্ৰম বেধা'ৰ হিন্দী ৰিমেকত এগৰাকী আদৰ্শৱান আৰক্ষী বিষয়াৰ চৰিত্ৰ ৰূপায়ণ কৰিবলৈ সাজু হৈছে । শেহতীয়া কেইবাখনো ছবিত ছৈফক খলনায়কৰ চৰিত্ৰ ৰূপায়ণ কৰা দেখা গৈছে।
তামিল ছবিখনত বিক্ৰমৰ চৰিত্ৰত অভিনয় কৰিছিল আৰ মাধৱনে আৰু গেংষ্টাৰ বেধাৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল বিজয় ছেঠুপতিয়ে । ছবিখনৰ হিন্দী ৰিমেকত ঋত্বিকে গেংষ্টাৰ বেধাৰ চৰিত্ৰ ৰূপায়ণ কৰিব আৰু ছৈফক দেখা যাব আৰক্ষী বিষয়াৰ ৰূপত । ৱেবলইডৰ সৈতে হোৱা সাক্ষাৎকাৰত ছৈফে কয় যে, 'বিক্ৰম বেধা'ত আদৰ্শৱান আৰক্ষী বিষয়াৰ চৰিত্ৰটোৰ জৰিয়তে তেওঁ দৰ্শকক অধিক মনোৰঞ্জন দিবলৈ চেষ্টা কৰিব । পূৰ্বে এই ছবিখনত ঋত্বিকৰ ঠাইত আমিৰ খানে অভিনয় কৰাৰ কথা আছিল । 'বিক্ৰম বেধা'ৰ হিন্দী ৰিমেক নিৰ্দেশনা কৰিব পুষ্কৰ গায়ত্ৰীয়ে ।
লগতে পঢ়ক:ভাৰত বনাম অষ্ট্ৰেলিয়া : ভাৰতৰ ঐতিহাসিক জয়ৰ পাচত প্ৰশংসাত পঞ্চমুখ বি-টাউন