চিটাৰা ডেস্ক,15জুলাইঃভয়ংকৰ হাৰত চলি থকা মহামাৰীৰ বাবে ক্ষতিগ্ৰস্ত হৈছে সমগ্ৰ বিশ্ববাসী ৷ বিভিন্ন উদ্যোগৰ লগতে ক্ষতিগ্ৰস্ত হৈছে মনোৰঞ্জন উদ্যোগো ৷ বাদ পৰা নাই বলীউড ক্ষেত্ৰও ৷ বহু সময় ধৰি উদ্যোগটো বন্ধ হৈ পৰি থকাৰ ফলত ইয়াৰ লগত জড়িত সকলো লোকেই সমস্যাৰ সন্মুখীন হৈছে ৷ শেহতীয়াকৈ কিছু সংখ্যকে শ্বুটিং আৰম্ভ কৰিছে ৷ সেয়া ছবিৰে হওক বা ধাৰাবাহিকৰে হওক বা বিজ্ঞাপনৰে হওক ৷
বহুজনে সাৱধানতা অৱলম্বন কৰি আগবাঢ়ি আহিছে শ্বুটিং কৰাৰ বাবে ৷ কিন্তু তাৰ মাজতে বহু কেইগৰাকী অভিনেতা-অভিনেত্ৰীৰ শৰীৰত কৰ'ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে ৷ ইয়াৰ মাজতে অভিনেত্ৰী ৰবীনা টেণ্ডনে সামগ্ৰিক পৰিস্থিতিলৈ লক্ষ্য কৰি নিজৰ ঘৰতেই শ্বুটিং আৰম্ভ কৰিছে ৷ মুম্বাইস্থিত নিজ গৃহত এটা বিজ্ঞাপনৰ শ্বুটিং কৰে অভিনেত্ৰীগৰাকীয়ে ৷ সকলোখিনি সাৱধানতা অৱলম্বনৰ লগতে যথেষ্ট কম সংখ্যক ক্ৰিউ সদস্যক লৈ ৰবীনা টেণ্ডনে সম্পন্ন কৰে বিজ্ঞাপনটোৰ শ্বুটিং ৷
লক্ ডাউনৰ পিছত শ্বুটিং কৰাৰ অনুভৱখিনি অভিনেত্ৰীগৰাকীয়ে ব্যক্ত কৰে এইদৰে,"কাম কৰাৰ পৰিৱেশ সলনি হ'ল কিন্তু আমি যেনেদৰে কও, পৰিৱতৰ্নৰ স্থিৰতা ৷ খুব কম সংখ্যক ক্ৰিউ সদস্যক লৈ আমি কম সময়ৰ ভিতৰত কাম সম্পন্ন কৰিছো ৷ কেৱল দুজন মানুহকেই অনুমতি দিছো ৷ এজন কেমেৰামেন আৰু আনজন চাউণ্ড ৰেকৰ্ডিষ্ট ৷ "