চিটাৰা ডেস্ক, ৭ আগষ্ট: অৱশেষত মৌনতা ভংগ কৰিলে জনপ্ৰিয় কণ্ঠশিল্পী তথা ৰেপাৰ হানি সিঙে(Honey Singh) । কণ্ঠশিল্পীগৰাকী আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে পত্নী শালিনী তলৱাৰে উত্থাপন কৰা সকলো অভিযোগক মিছা আখ্যা দিছে হানি সিঙে । ইনষ্টাগ্ৰাম পোষ্টযোগে শ্বেয়াৰ কৰা এক বিবৃতিত হানি সিঙে উল্লেখ কৰিছে যে, পত্নী শালিনী তলৱাৰে মিছা আৰু বিদ্বেষপূৰ্ণ অভিযোগ উত্থাপন কৰা বাবে তেওঁ যথেষ্ট দুখিতঃ । এই অভিযোগবোৰক নিন্দনীয় আখ্যা দিয়ে কণ্ঠশিল্পীগৰাকীয়ে ।
তেওঁ লগতে উল্লেখ কৰে যে, তেওঁ গীতক লৈ সমালোচনা হোৱা, তেওঁ স্বাস্থ্য সন্দৰ্ভত একাংশ লোকৰ অনুমান আৰু সংবাদ মাধ্যমৰ নেতিবাচক কভাৰেজৰ সন্মুখীন হোৱা স্বত্বেও তেওঁ কেতিয়াও সংবাদ বিবৃতি প্ৰকাশ কৰা নাই । অৱশ্যে, এইবাৰ তেওঁ নীৰৱ হৈ ৰোৱাৰ কোনো যুক্তি দেখা নাই, কিয়নো এইবাৰ তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে । হানি সিঙৰ বৃদ্ধ পিতৃ-মাতৃ আৰু কনিষ্ঠা ভগ্নীৰ বিৰুদ্ধেও শালিনী তলৱাৰে ৰুজু কৰিছে গোচৰ । হানি সিঙে কয় যে, যি সকল লোকে অতি কঠিন সময়ত তেওঁ কাষত থিয় হৈ তেওঁক সাহস দিছে আৰু তেওঁলোকক লৈয়ে তেওঁ নিজৰ পৃথিৱীখনৰ অস্তিত্ব বিচাৰি পাইছে, তেনে লোকৰ বিৰুদ্ধে এনে ধৰণৰ অভিযোগ নিন্দনীয় আৰু এয়া মাথোঁ অপবাদ ।