চিটাৰা ডেস্ক, 13 জানুৱাৰী : দীপিকাৰ শেহতীয়া ইন্ষ্টাগ্ৰাম পোষ্টত কমেণ্ট কৰি সকলোৰে বিশেষকৈ ছোৱালীবোৰৰ দৃষ্টি আকৰ্ষণ কৰিছে ৰণবীৰ সিঙে ৷ সকলোকে লাগে এতিয়া একোজনকৈ ৰণবীৰ সিং ৷
প্ৰেমত সকলোৱেই পৰে ৷ প্ৰেমৰ প্ৰস্তাৱ সকলোৱেই দিব জানে ৷ ভালপোৱাজনক নিজেই কাষতে বিচাৰি বহুতে প্ৰেমত জীৱনত আগতে কাহানিও কৰি নোপোৱা কামো কৰে ৷ কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল ভাল লগাজনৰ মন জয়ী কৰাৰ পিছত বা তেওঁক নিচেই কাষতে পোৱাৰ পিছত যাতে আপোনাৰ জীৱনত তেওঁৰ গুৰুত্ব কমি নেযায় ৷
কেতিয়াবা গুৰুত্ব কমি নগ’লেও একেলগে থকাৰ পিছত আন বহুতো কাৰণত ভাল লগা কথাবোৰ মুকলিকৈ প্ৰকাশ নকৰাকৈ থাকি যায় ৷ আচলতে তেনে হ’ব নালাগে ৷ সকলো মানুহ আৱেগপ্ৰৱণ ৷ সম্পৰ্ক এটা নিয়াৰিকৈ চলাই নিবলৈ সাংসাৰিক জীৱনৰ সকলো দিশ সামৰি আগবঢ়াৰ লগতে সৰু সৰু ভাল লগা মূহুৰ্ত কিছুমানো নিজে সৃষ্টি কৰিব লাগে ৷ যেনেকৈ বলীউডৰ Hopeless Romantic Boy ৰণবীৰ সিঙে কৰে ৷
দীপিকাৰ শেহতীয়া পোষ্টত কমেণ্ট কৰি নেটিজেনৰ প্ৰশংসাৰ পাত্ৰ হৈ পৰিছে ৰণবীৰ সিং
দীপিকাৰ শেহতীয়া পোষ্টত কমেণ্ট কৰি নেটিজেনৰ প্ৰশংসাৰ পাত্ৰ হৈ পৰিছে ৰণবীৰ সিং ৷ বুধবাৰে দীপিকাই ইন্ষ্টাগ্ৰামত এখন চেল্ফি পোষ্ট কৰিছিল ৷ Hair flip কৰিবলৈ চেষ্টা কৰা দীপিকাৰ মতে অৱশ্যে ফটোখন আছিল 'miserably failed' ৷ কিন্তু স্বামী ৰণবীৰে তাতো বিচাৰি পালে নিজৰ LadyLove ৰ সৌন্দৰ্য ৷ কথাতেই কয় নহয়, ভালপোৱাজন আপোনাৰ চকুত সদায় ধুনীয়া ৷ ফটো আপলোডৰ কিছু সময় পিছতে ৰণবীৰে লিখে, "Teri zulfon mein khoya rahoon……. 💋💋💋❤️❤️❤️."
Power Couple 'DeepVeer' বলীউডত সু প্ৰতিষ্ঠিত ৷ বহুকেইখন সফল চিনেমাৰে ইতিমধ্যেই অভিনয় জগতত খোপনি পুতিছে দুয়োৱে ৷ চলিত বৰ্ষত কেইবাখনো বিগ বাজেটৰ ছবি আছে স্বামী-স্ত্ৰীৰ হাতত ৷ শেহতীয়াকৈ 83 ত ক্ৰিকেটৰ মহানায়ক কপিল দেৱ আৰু তেওঁৰ পত্নীৰ চৰিত্ৰ ৰূপায়ণ কৰি ৰণবীৰ সিং আৰু দীপিকা পাডুকনে দৰ্শকৰ লগতে সমালোচকৰো প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে ৷
লগতে পঢ়ক :Aamir Ali-Sanjeeda Shaikh's fairy tale love story ends : আমীৰ-সঞ্জিদাৰ যুগ্মজীৱনৰ সামৰণি