চিটাৰা ডেস্ক, 22 ডিচেম্বৰ : 1983 চনৰ সেই বিশেষ দিনটো যিদিনাখন ভাৰতীয় ক্ৰিকেট দলে প্ৰথমবাৰৰ বাবে বিশ্বকাপ জয় কৰিছিল সেই দিনটোৰ স্মৃতি এতিয়াও ভাৰতৰ জনসাধাৰণৰ মনত সতেজ হৈ আছে ৷ কেৱল কাহিনী শুনি সেই সময়খিনিৰ আমেজ লোৱা প্ৰজন্মই আকৌ এবাৰ 83 চিনেমাখনেৰে একেই পৰিৱেশৰ মাদকতা লাভ কৰিব বুলি দাবী কৰিছে চিত্ৰ নিৰ্মাতা ও প্ৰযোজকে ৷
ছবিখনৰ ট্ৰেইলাৰত ৰণবীৰ সিঙক সাইলাখ কপিলদেৱৰ ৰূপত দেখা পোৱা গৈছে ৷ বলীউডৰ বহুল চৰ্চিত যুটি DeepVeer ক আকৌ এবাৰ একেলগে দেখা পোৱা যাব স্ক্ৰীণত ৷ 83 ত স্বামী-স্ত্ৰীৰ চৰিত্ৰত দেখা পোৱা যাব দুয়োকে ৷ ৰণবীৰ সিঙে কপিলদেৱৰ দৰে চৰিত্ৰ ৰূপায়ণ কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিছে সেয়া ট্ৰেইলাৰত স্পষ্টকৈ দেখা গৈছে ।
বলীউডৰ এজন সফল তাৰকা ৰণবীৰ সিঙে ভাৰতীয় ক্ৰিকেটৰ এজন প্ৰতিষ্ঠিত ক্ৰিকেট খেলুৱৈ কপিলদেৱৰ চৰিত্ৰত অভিনয় কৰি সকলোকে আচৰিত কৰি তুলিছে ৷ তেওঁ সুন্দৰ অভিনয় শৈলীয়ে আজিৰ প্ৰজন্মক সেই সময়ৰ প্ৰকৃত কপিলদেৱক চাবলৈ আৰু শুনিবলৈ সুযোগ দিব ৷ চলচ্চিত্ৰখনত পংকজ ত্ৰিপাঠী, হাৰ্ডি সান্ধু, নিশান্ত ধাহিয়াকে আদি কৰি বহুতো লেখত ল’বলগীয়া এক বিশাল তাৰকাৰ সমাহাৰ ঘটিব ৷