চিটাৰা ডেস্ক, ২০ আগষ্ট: এটা ভিডিঅ' শ্বেয়াৰ কৰি 'ৰকী ঔৰ ৰাণী কী প্ৰেম কাহানী'ৰ দৃশ্যগ্ৰহণ আৰম্ভ হোৱাৰ কথা ঘোষণা কৰিলে ছবি নিৰ্মাতা কৰণ জোহৰে(Karan Johar) । মুম্বাইত শুকুৰবাৰে ছবিখনৰ দৃশ্যগ্ৰহণ আৰম্ভ হয় । ছবিখনত বলীউড অভিনেতা ৰণবীৰ সিং আৰু আলিয়া ভাটে মুখ্য চৰিত্ৰত অভিনয় কৰিছে । লগতে প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰ, জয়া বচ্চন আৰু শ্বাবানা আজমীকে ধৰি কেইবাগৰাকীও নামী-দামী তাৰকাক ছবিখনত দেখা পোৱা যাব ।
টুইটযোগে এটা ভিডিঅ' শ্বেয়াৰ কৰি কৰণ জোহৰে লিখিছে যে, অৱশেষত দৃশ্যগ্ৰহণৰ দিনটো আহিল । লগতে তেওঁ সকলোৰে পৰা মৰম আৰু আশীৰ্বাদ বিচাৰে । আনহাতে, ৰণবীৰেও ইনষ্টাগ্ৰামযোগে ভিডিঅ'টো শ্বেয়াৰ কৰে । আলিয়ায়ো টুইটযোগে ছবিখনৰ দৃশ্যগ্ৰহণ আৰম্ভ হোৱাৰ কথা অনুৰাগীক জনায় ।
২০১৬ চনৰ ৰোমাণ্টিক ড্ৰামা 'এ দিল হে মুস্কিল'ৰ পিছত এইবাৰ কৰণ জোহৰে পুনৰ ছবি পৰিচালনাৰ কাম কৰিছে । আনহাতে, ধৰ্মেন্দ্ৰ আৰু শ্বাবানা আজমীয়ে প্ৰথমবাৰৰ বাবে কৰণ জোহৰৰ সৈতে কাম কৰিব ।