চিটাৰা ডেস্ক, 10 জুলাই : দ্বিতীয় পুত্ৰৰ নাম ৰাজহুৱা কৰিলে বলীউডৰ ষ্টাৰ দম্পতী কৰীণা কাপুৰ খান (Kareena Kapur Khan) আৰু চৈইফ আলী খানে (Saif Ali Khan) ৷ অভিনেতা দম্পতীটোৱে ‘জেহ’ নামেৰে নামাকৰণ কৰিছে দ্বিতীয় পুত্ৰৰ ৷ এই কথা সদৰী কৰিলে বলীউডৰ জ্যেষ্ঠ নেতা ৰণধীৰ কাপুৰে (Randhir Kapoor) ৷
বিগত বৰ্ষৰ আগষ্ট মাহত গৰ্ভধাৰণৰ কথা ৰাজহুৱা কৰাৰ পাছতহে চলিত বৰ্ষত দ্বিতীয়টো পুত্ৰ সন্তানক আদৰে কৰীণা আৰু চৈইফে ৷ জ্যেষ্ঠ অভিনেতা তথা কৰীণাৰ পিতৃ ৰণধীৰ কাপুৰে তেওঁলোকৰ দ্বিতীয় পুত্ৰৰ নাম ৰাজহুৱা কৰাৰ প্ৰায় এসপ্তাহ পূৰ্বে ‘জেহ’ (Jeh)নামটো চূড়ান্ত কৰা বুলি জনায় ৷ লেটিন ভাষাত ‘জেহ’ৰ অৰ্থ হ’ল ‘ব্লু ক্ৰেষ্টেড বাৰ্ড’ (blue crested bird) ৷