চিটাৰা ডেস্ক, 9 মাৰ্চ : ৰণবীৰ কাপুৰ আৰু শ্ৰদ্ধা কাপুৰে মঙলবাৰৰ পৰা আৰম্ভ কৰিলে তেওঁলোকৰ নতুন চিনেমাৰ কাম ৷ এইখন ৰণবীৰ আৰু শ্ৰদ্ধাই একেলগে অভিনয় কৰা প্ৰথমখন ছবি (Ranbir Sraddha first film) ৷ চলচ্চিত্ৰ নিৰ্মাতা লাভ ৰঞ্জনৰ এই ছবিখনৰ শ্বুটিং মুম্বাইত কৰা হ’ব ৷ কেৱল মাত্ৰ দুটা পৰ্যায়ৰ শ্বুটিং বাকী আছে বুলি জানিব পৰা গৈছে ৷
বিগত মাহত লাভ ৰঞ্জনৰ বিবাহ অনুষ্ঠানত দুয়ো তাৰকা ৰণবীৰ আৰু শ্ৰদ্ধাও উপস্থিত আছিল ৷ এতিয়া ছবিখনৰ টীমটো একেলগে 8 মাৰ্চত মুম্বাইলৈ ৰাওনা হৈছে, য’ত ছবিখনৰ শ্বুটিং চলিব ৷ লাভ ৰঞ্জনৰ এই ছবিখনৰ বৰ্তমানলৈকে নাম ঠিক হোৱা নাই ৷