চিটাৰা ডেস্ক,5 জুলাইঃ ছবি নিৰ্মাতা ৰাম গোপাল বৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজু ৷ ৰাম গোপাল বৰ্মা আৰু নিৰ্মাতা নট্টী কৰুণাৰ বিৰুদ্ধে তেলেংগানাৰ নলগৌণ্ডা জিলাৰ মিৰয়ালাগুডা টাউন-1 পুলিচ থানাত এক গোচৰ ৰুজু কৰা হৈছে ৷
আদালতত গোচৰ ৰুজু কৰাৰ বাবে নিৰ্দেশ দিছে পি.বালাস্বামীয়ে ৷ 2018 চনত বালাস্বামীৰ পুত্ৰ প্ৰণয় কুমাৰক তেওঁৰ শহুৰেকে হত্যা কৰিছিল ৷ প্ৰণয় কুমাৰ দলিত হোৱাৰ বাবে শহুৰেকে তেওঁৰ জীয়েকক বিয়া পতাৰ বাবে ভাল পোৱা নাছিল প্ৰণয়ক ৷
বালাস্বামীয়ে বিগত বছৰতে ছবিখনৰ ওপৰত প্ৰতিবন্ধকতা লগাবৰ বাবে আদালতত অনুৰোধ জনাইছিল ৷ তেওঁ কৈছিল প্ৰণয় আৰু তেওঁৰ বোৱাৰী অমৃতাৰ ফটো বিনা অনুমতিত ব্যৱহাৰ কৰিছিল ছবি নিৰ্মাতাই ৷
দলিত সম্প্ৰদায়ৰ 24বছৰীয়া প্ৰণয়ক 2018 চনত মিৰয়ালাগুডাত দিন দুপৰতে হত্যা কৰা হৈছিল ৷ সেই সময়ত প্ৰণয়ে মাতৃ আৰু পত্নীৰ সৈতে ব্যক্তিগত হাস্পতালৰ পৰা বাহিৰলৈ ওলাই আহিছিল ৷ পত্নী অন্তঃসত্বা হৈ থকা হেতুকে তেওঁলোকে হাস্পতালত চেক আপৰ বাবে গৈছিল আৰু হাস্পতালৰ পৰা ওলাই আহোতেই এই নৃশংস ঘটনা সংঘটিত হয় ৷ এই নৃশংস হত্যাৰ সকলোখিনি ফুটেজ আৱদ্ধ হৈছিল চি.চি টি.ভি কেমেৰাত ৷