অসম

assam

ETV Bharat / sitara

সুশান্তৰ ঘটনাৰ চি.বি.আই তদন্তৰ দাবীত ৰাজপুত কৰণী সেনাৰ বিক্ষাভ

সুশান্ত সিং ৰাজপুতৰ মৃত্যু সন্দৰ্ভত চি.বি.আই তদন্তৰ দাবীৰে সৰৱ হৈ উঠিছে ৰাজপুত কৰণী সেনা ৷ দেওবাৰে দিল্লীৰ ইণ্ডিয়া গেটৰ কাষত বিৰোধ প্ৰদৰ্শন ৰাজপুত কৰণী সেনাৰ ৷ দিল্লী আৰক্ষীয়ে বিনা অনুমতিত বিক্ষোভ প্ৰদৰ্শন কাৰ্যসূচী গ্ৰহণ কৰাৰ বাবে গ্ৰেপ্তাৰ কৰে ৰাজপুত কৰণী সেনাৰ চাৰি গৰাকী সদস্যক ৷ অৱশ্যে পিছত প্ৰদৰ্শনকাৰী সকলক পিছত জামিনত যাবলৈ দিয়া হয় ৷

By

Published : Aug 17, 2020, 5:09 PM IST

rajput karni sena demands CBI probe into Sushants case four arrested
সুশান্তৰ ঘটনাৰ চি.বি.আই তদন্তৰ দাবীত ৰাজপুত কৰণী সেনাৰ বিক্ষাভ

চিটাৰা ডেস্ক,17 আগষ্টঃ দেশজুৰি সুশান্ত সিং ৰাজপুতৰ ন্যায়ৰ বাবে বিভিন্ন মহলত দাবী উত্থাপন হৈ আছে ৷ শেহতীয়াকৈ সুশান্তৰ ঘটনাৰ চি.বি.আই তদন্ত দাবী কৰি বিক্ষোভ প্ৰদৰ্শন কৰিছে ৰাজপুত কৰণী সেনাই ৷ দেওবাৰে দিল্লীৰ ইণ্ডিয়া গেটৰ কাষত বিৰোধ প্ৰদৰ্শন কৰে ৰাজপুত কৰণী সেনাই ৷ হাতে হাতে প্লে' কাৰ্ড লৈ বলীউড মুৰ্দাবাদ ধ্বনি দি পৰিস্থিতি উত্তাল কৰি তোলে ৷

সুশান্তৰ ঘটনাৰ চি.বি.আই তদন্তৰ দাবীত ৰাজপুত কৰণী সেনাৰ বিক্ষাভ

কিন্তু দিল্লী আৰক্ষীয়ে বাধা দিয়ে তেওঁলোকৰ প্ৰতিবাদী কাৰ্যসূচীত ৷ লগতে বিনা অনুমতিত বিক্ষোভ প্ৰদৰ্শন কাৰ্যসূচী গ্ৰহণ কৰাৰ বাবে গ্ৰেপ্তাৰ কৰে ৰাজপুত কৰণী সেনাৰ চাৰি গৰাকী সদস্যক ৷ অৱশ্যে পিছত প্ৰদৰ্শনকাৰী সকলক জামিনত মুক্তি দিয়া হয় ৷

লগতে পঢ়কঃ‘পিপ্পা’ৰ মুখ্য ছৰিত্ৰত অভিনয় কৰিব অভিনেতা ইশান খট্টৰে

ABOUT THE AUTHOR

...view details