চিটাৰা ডেস্ক, 31 আগষ্ট :বৰ্তমান প্ৰজন্মৰ অন্যতম শ্ৰেষ্ঠ অভিনেতাগৰাকীৰ ভিতৰত এজন হ’ল ৰাজকুমাৰ ৰাও ৷ প্ৰায় এটা দশক পূৰ্বে Love Sex Aur Dhokha ছবিখনৰ জৰিয়তে বলীউডত নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল ৰাজকুমাৰে ৷ ইয়াৰ পিছতে ‘Shahid’ আৰু ‘Kai Po Che’ত নিজৰ অভিনয় প্ৰতিভা দাঙি ধৰে অভিনেতাগৰাকীয়ে ৷
ইয়াৰ পিছৰ পৰা ‘Citylights’, ‘Shaitan’, ‘Gangs of Wasseypur 2’, ‘Talaash’, ‘Trapped’ আদি ছবিসমূহত কৰা নিজৰ দূৰ্দান্ত অভিনেৰে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে অভিনেতাগৰাকীয়ে ৷ বলিউডৰ কেইবাটাও ধাৰাৰ ছবিত অভিনয় কৰিছে ৰাজকুমাৰে ৷ ইয়াৰ ভিতৰত ‘Bareilly Ki Barfi’, ‘Fanney Khan’, ‘Ludo’, ‘Stree’ আদিৰ দৰে কমেডি ধাৰাৰ ছবিসমূহ উল্লেখনীয় ৷
আহক জানো ৰাজকুমাৰৰ বিষয়ে কিছু নজনা কথা-
বিগ বি অমিতাভ বচ্চনৰ সৈতে এখন ছবিত ডেব্যু কৰিছিল ৰামজকুমাৰ ৰাৱে ৷
ৰাম গোপাল বৰ্মা পৰিচালিত আৰু অমিতাভ বচ্চন আৰু ৰিতেশ দেশমুখ অভিনীত ছবি ‘Rann’ ত এগৰাকী বাতৰি পৰিৱেশকৰ চৰিত্ৰত অভিনয় কৰিছিল ৰাজকুমাৰে ৷
ৰাজকুমাৰ ৰাও তেওঁৰ প্ৰকৃত নাম নহয় ৷ ৰাজকুমাৰৰ প্ৰকৃত নাম ৰাজকুমাৰ যাদৱ ৷ কিন্তু তেওঁৰ মাতৃয়ে তেওঁৰ নাম সলনি কৰি ৰাজকুমাৰ ৰাও ৰাখে ৷
ৰাজকুমাৰ ৰাও পুনেস্থিত Film and Television Institute of India ৰ ছাত্ৰ ৷ তেওঁ তাৰ পৰা 2008 চনত স্নাতক ডিগ্ৰী লাভ কৰিছিল ৷
ৰাজকুমাৰ টাইকোৱাণ্ডোত স্বৰ্ণ পদক লাভ কৰিছে ৰাজকুমাৰে ৷
আমিৰ খান অভিনীত ছবি Talaashত এগৰাকী আৰক্ষী বিষয়াৰ ছবিত অভিনয় কৰিছিল ৰাজকুমাৰ ৰাৱে ৷ ছবিখনত এটি সৰু চৰিত্ৰত অভিনয় কৰিবলৈ মান্তি হৈছিল ৰাজকুমাৰ কাৰণ তেওঁ কেৱল আমিৰ খানৰ বিপৰীতে অভিনয় কৰিব বিচাৰিছিল ৷
হঞ্চল মেহেতাৰ দ্বাৰা পৰিচালিত Sahid ছবিখনত Shahid Azmi নামৰ চৰিত্ৰটোত অভিনয় কৰি প্ৰথমটো ৰাষ্ট্ৰীয় চলচ্ছিত্ৰ বঁটা লাভ কৰিছিল ৰাজকুমাৰে ৷
Citylights ছবিখনত অভিনয়ৰ পূৰ্বে নিজৰ চৰিত্ৰটোক সম্পূৰ্ণৰূপে অনুধাৱন কৰিবলৈ ৰাজকুমাৰে সম্পূৰ্ণ এটা দিন এগৰাকী শ্ৰমিক হিচাপে এটা ফেক্টৰীত কাম কৰিছিল ৷ ফেক্টৰীটোত কাম কৰি ৰাজকুমাৰে আম শ্ৰমিসকলৰ দৰে দিনটোত 100 টকা উপাৰ্জন কৰিছিল ৷