অসম

assam

By

Published : Jul 26, 2020, 9:58 PM IST

ETV Bharat / sitara

দিল বেচাৰা চাই আৱগিক হৈ পৰিল কৃতি সেনন,ৰাজকুমাৰ ৰাও

সুশান্ত সিং ৰাজপুতৰ অন্তিম খন ছবি দিল বেচাৰা চোৱাৰ পিছত ছ'চিয়েল মডিয়া যোগে নিজৰ অনুভৱ শ্বেয়াৰ কৰে অভিনেত্ৰী কৃতি সেনন আৰু ৰাজকুমাৰ ৰাওৱে ৷ দুয়োৰে আৱেগিক প'ষ্টে পুনৰ আৱেগিক কৰি তোলে সুশান্তৰ অনুৰাগীসকলক ৷

Rajkumar Rao and kriti sanon emotional after watching dil bechara
দিল বেচাৰা চাই আৱগিক হৈ পৰিল কৃতি সেনন,ৰাজকুমাৰ ৰাও

চিটাৰা ডেস্ক,26 জুলাইঃবলীউডৰ জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ অন্তিমখন ছবি দিল বেচাৰা মুক্তি লাভ কৰিলে ডিজিটেলি ৷ ছবিখন উপভোগ কৰাৰ পিছতেই যথেষ্ট আৱেগিক হৈ পৰিল অনুৰাগীসকল ৷ সকলোৱে সুঁৱৰিছে অভিনেতাগৰাকীক ৷

ইয়াৰ মাজতেই সুশান্তৰ বন্ধু তথা অভিনেতা ৰাজকুমাৰ ৰাও আৰু অভিনেত্ৰী কৃতি সেননে ছবিখন চোৱাৰ পিছত ছ'চিয়েল মিডিয়া যোগে ব্যক্ত কৰে নিজৰ অনুভৱ৷ দুয়োৱে আৱেগিক প'ষ্ট শ্বেয়াৰ কৰে ছ'চিয়েল মিডিয়া যোগে ৷

ৰাজকুমাৰ ৰাওৱে লিখে," দিল বেচাৰাই পুনৰবাৰ মোৰ হৃদয় ভাঙিলে ৷ এইখন এখন সুন্দৰ আৰু হৃদয়স্পৰ্শী ছবি ৷ সুশান্তই ইয়াত যথেষ্ট বঢ়িয়া প্ৰৰ্দশন কৰিছে ৷ তেওঁৰ মোহনীয়তা আৰু তেওঁৰ শক্তিৰ কোনো প্ৰত্যুত্তৰ নাই আৰু তেওঁৰ সুন্দৰ হাঁহি ৷ আমাৰ চুপাৰষ্টাৰ, বহুত সুন্দৰ কাম মুকেশ ছাৱৰাৰ আৰু সাঞ্জনা সাংঘী,তুমি ছবিত আশ্বৰ্যৰ সৃষ্টি কৰিছা ৷ এ.আৰ.ৰহমানকো চালাম ৷"

ইফালে কৃতিয়ে লিখিছে," এয়া ছেৰী নহয় , এই কথা মই কেতিয়াও মানিব নোৱাৰো ৷ এই ছবিয়ে মোৰ হৃদয়খন পুনৰবাৰ ভাঙিলে ৷ মই মেনীৰ মাজত তোমাক পুনৰ জী উঠা দেখিছো ৷ মই ভালকৈ জানো,এই চৰিত্ৰত তুমি ক'ত ক'ত নিজৰ অংশ দিছা আৰু সদায়ৰ দৰে তোমাৰ আটাইতকৈ ভাল সময় সেইখিনি আছিল, যিখিনি সময়ত তুমি মনে মনে আছিলা, সেইখিনি সময়ত তুমি একো নোকোৱাকৈ বহুত কিবা কৈ পেলাইছা ৷"

লগতে পঢ়কঃ উত্তৰাখণ্ডৰ পাহাৰীয়া ৰাস্তাত ট্ৰাক চলালে শ্ৰুতি হাচানে

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details