চিটাৰা ডেস্ক, 2 আগষ্ট : সোমবাৰে পৰ্ণ চলচ্চিত্ৰ (Porn Film) নিৰ্মাণৰ গোচৰত স্বামী ৰাজ কুন্দ্ৰা (Raj Kundra)ক আটক কৰা সন্দৰ্ভত নীৰৱতা ভংগ কৰি এক বিবৃতি জাৰি কৰে শিল্পা ছেট্টী(Shilpa Shetty) য়ে ৷ বিবৃতিযোগে সকলোকে তেওঁলোকৰ পৰিয়াল বিশেষকৈ গোপনীয়তাক সন্মান কৰিবলৈ অনুৰোধ জনায় শিল্পাই ৷ ইনষ্টাগ্ৰামযোগে এক প’ষ্ট শ্বেয়াৰ কৰি মুম্বাই আৰক্ষী (Mumbai Police) আৰু ভাৰতীয় ন্যায়পালিকা (Indian judiciary)ৰ ওপৰত তেওঁৰ সম্পূৰ্ণ বিশ্বাস আছে উল্লেখ কৰে অভিনেত্ৰীগৰাকীয়ে ।
লগতে পঢ়ক :পৰ্ণ'গ্ৰাফী গোচৰঃ হটশ্বটৰ ৪ গৰাকী প্ৰযোজকৰ বিৰুদ্ধে এজাহাৰ দাখিল
লগতে শিল্পাই কয় যে, তেওঁ আইন পালনকাৰী ভাৰতীয় নাগৰিক হিচাপে গৌৰৱান্বিত ৷ বিগত 29 বছৰ ধৰি তেওঁ পৰিশ্ৰমেৰে নিজৰ কাম কৰি আছে ৷ শিল্পা আৰু তেওঁৰ পৰিয়ালটো মিডিয়া ট্ৰায়েল (Media Trial)ৰ যোগ্য নহয় বুলি মতপ্ৰকাশ কৰে ৷ বিগত কেইদিনমানৰ পৰা শিল্পাৰ পৰিয়ালে প্ৰতিটো ক্ষণতে প্ৰত্যাহ্বানৰ সৈতে যুঁজ দি আছে আৰু বহু উৰাবাতৰি-অভিযোগৰ সন্মুখীন হৈছে ৷