চিটাৰা ডেস্ক, 19 ছেপ্তেম্বৰ : শনিবাৰে আদালতৰ পৰা জামিন বিচাৰি নিজকে নিৰ্দোষী আখ্যা দিয়ে পৰ্ণ’গ্ৰাফী(Pornography) গোচৰত অভিযুক্ত ব্যৱসায়ী ৰাজ কুন্দ্ৰাই(Raj Kundra) ৷ তেওঁৰ বিৰুদ্ধে দাখিল কৰা চাৰ্জশ্বীটত কুন্দ্ৰাৰ বিৰুদ্ধে কোনো প্ৰমাণ নাই বুলি উল্লেখ কৰে ৷
গোচৰটোৰ তদন্ত কৰি থকা মুম্বাই অপৰাধ শাখাই(Mumbai Crime Branch) শেহতীয়াকৈ কুন্দ্ৰা আৰু গোচৰত অভিযুক্ত আন তিনিজনৰ বিৰুদ্ধে এখন পৰিপূৰক চাৰ্জশ্বীট দাখিল কৰিছিল । ইয়াৰ পাচতে কুন্দ্ৰাই জামিনৰ বাবে মেট্ৰ’পলিটন আদালতৰ(Metropolitan Court) কাষ চাপে আৰু গোচৰটোৰ তদন্ত প্ৰায় শেষ হোৱা বুলি মন্তব্য কৰে ৷
বলীউড অভিনেত্ৰী শিল্পা ছেট্টীৰ(Shilpa Shetty) স্বামী ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে আই পি চি আৰু তথ্য প্ৰযুক্তি আইনৰ(PC and Information Technology Act) অধীনত গোচৰ ৰুজু কৰাৰ পাচত 19 জুলাইত আটক কৰিছিল মুম্বাই আৰক্ষীয়ে । সম্প্ৰতি ন্যায়িক জিম্মাত আছে কুন্দ্ৰা ।
অধিবক্তা প্ৰশান্ত পাটিলৰ জৰিয়তে দাখিল কৰা জামিনত কুন্দ্ৰাই দাবী কৰে যে, এতিয়ালৈকে তেওঁক আটক কৰা গোচৰত তেওঁৰ বিৰুদ্ধে কোনো প্ৰমাণ লাভ কৰা নাই আৰক্ষীয়ে ৷ আনকি কুন্দ্ৰাৰ ‘Hotshots’ এপটোতো কোনো আপত্তিজনক তথ্য লাভ নকৰা বুলি দাবী কৰে আটকাধীন কুন্দ্ৰাই ৷